ৰঞ্জিত বৰাৰ হত্যাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আটক দিছপুৰ আৰক্ষীৰ...

সোমবাৰে দিন-দুপৰতে মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হৈছিল এক হত্যাকাণ্ড

author-image
Asomiya Pratidin
New Update
ৰঞ্জিত বৰাৰ হত্যাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আটক দিছপুৰ আৰক্ষীৰ...

ranjit bora

ডিজিটেল ডেস্ক : সোমবাৰে দিন-দুপৰতে মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হৈছিল এক হত্যাকাণ্ড। দুৰ্বৃত্তই গাড়ী ৰখাই গুলীয়াই থৈ যায় ৰঞ্জিত বৰা নামৰ লোকজনক। আৰু নগদ ২.৫০ লাখ টকাৰ বেগ কাঢ়ি লৈ যায় লোকজনৰ পৰা। ৰঞ্জিত বৰা পূৰবী ডায়েৰীৰ বিতৰক মেনেজাৰ আছিল।

Advertisment

মঙলবাৰে ৰঞ্জিত বৰাৰ হত্যাৰ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আটক কৰিছে আৰক্ষীয়ে। দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুজন লোকক। ঘটনা সংঘটিত হোৱা স্থানৰ পৰা সোমবাৰে নিশা দুয়োকে আটক কৰিছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে তদন্তত বহু ক্লু লাভ কৰিছে বুলি জানিবলৈ দিয়ে।

আৰু পঢ়ক : নিৰ্বাচনৰ পূৰ্বে আপৰ বিধায়কক টিকট বিক্ৰীৰ অভিযোগত প্ৰহাৰ...

assam murder ranjit bora