সত্ৰীয়া নৃত্যৰ শিল্পী দ্বীপজ্যোতি-দীপাংকৰক জ্ঞানোদয় কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্বৰ্ধনা...

২০২১ বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ বিছাবৰীৰ দীপাংকৰ আৰন্ধৰা আৰু গুৱাহাটীৰ দ্বীপজ্যোতি দাসক বৃহস্পতিবাৰে বিছাবৰীৰ

author-image
Asomiya Pratidin
New Update
সত্ৰীয়া নৃত্যৰ শিল্পী দ্বীপজ্যোতি-দীপাংকৰক জ্ঞানোদয় কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্বৰ্ধনা...

bandardewa

ডিজিটেল সংবাদ, বান্দৰদেৱা : ২০২১ বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ বিছাবৰীৰ দীপাংকৰ আৰন্ধৰা আৰু গুৱাহাটীৰ দ্বীপজ্যোতি দাসক বৃহস্পতিবাৰে বিছাবৰীৰ নামঘৰত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞা আৰু ভোলাবৰী গাঁও পঞ্চায়তৰ সভাপতি যোগেন শইকীয়াই অংশ গ্ৰহণ কৰে। এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে জিতুমনি শইকীয়া আৰু মানসী শইকীয়াই।

উল্লেখযোগ্য যে সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ দুই সেৱক দীপাংকৰ আৰু দ্বীপজ্যোতিয়ে অব্যাহত ৰখা দীৰ্ঘদিনীয়া সাধনাৰ ফলত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।অনুষ্ঠানটোত দুয়োগৰাকীক জ্ঞানোদয় কৃষ্টি বিকাশ কেন্দ্ৰ আৰু বিছাবৰী ৰাইজে বিপুলভাৱে সম্বৰ্ধনা জনায়।

আৰু পঢ়ক :লামডিঙৰ প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তৰ গুলীচালনা...

assam lakhimpur bandardewa