নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰাক বিদ্যালয়

কৰ্মৰত স্বামী-স্ত্ৰী সকলে নিজৰ শিশুটিক দিনটোৰ পৰিচৰ্যাক লৈ প্ৰায়েই দুঃচিন্তাত ভুগিবলগীয়া হয় ।
নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰাক বিদ্যালয়

ডিজিটেল সংবাদ,বেবেজীয়াঃ কৰ্মৰত স্বামী-স্ত্ৰী সকলে নিজৰ শিশুটিক দিনটোৰ পৰিচৰ্যাক লৈ প্ৰায়েই দুঃচিন্তাত ভুগিবলগীয়া হয় । কাৰ হাতত দিনটোৰ বাবে গতাই থৈ যাব ফুলকুমলীয়া শিশুটিক ? শিশু নিৰ্যাতন,যৌন আতিশয্য আদিকে ধৰি বিক্ষিপ্ত চিন্তাই অভিভাৱক সকলক ভাৰাক্ৰান্ত কৰি তোলাৰ সময়তে এই সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ শৰ্মিষ্ঠা শৰ্মা নামৰ এগৰাকী উদ্যমী মহিলা ।

নগাঁও জিলাৰ কচলুখোৱাৰ এই গৰাকী মহিলাৰ প্ৰচেষ্টাতে তেওঁৰ নিজা বাসগৃহত আটকধুনীয়াকৈ গঢ়ি তুলিছে এখন প্ৰাক বিদ্যালয় । "বিল্লি'জ স্প্ৰাউটছ" নামেৰে অত্যাধুনিকভাৱে গঢ় দিয়া এই প্ৰাক বিদ্যালয়খন দেওবাৰে বিয়লি আনুষ্ঠানিকভাৱে মুকলি কৰে শিশুৰোগ বিশেষজ্ঞ ডাঃ পাৰ্থপ্ৰতিম বৰাই ।

স্বাস্থ্যসন্মতভাৱে গঢ় দিয়া এই প্ৰতিষ্ঠানটিত শিশুৰ খেলা-ধূলা,পঢ়া-শুনা,আহাৰ আৰু জিৰণিৰ সুব্যৱস্থা উপলব্ধ কৰা হৈছে । দেওবাৰে এই বিশেষ প্ৰাক বিদ্যালয়খনৰ শুভ আৰম্ভণিৰ উপলক্ষ্যে সভা আৰু গীত-মাতৰ অনুষ্ঠানো অনুষ্ঠিত হয় । উল্লেখ্য যে, দুইৰ পৰা আঠ বছৰৰ শিশুসকলে এই প্ৰাক বিদ্যালয়খনত খেলা-ধূলাৰ মাজেৰে শিক্ষা আৰু দিনটোৰ পৰিচৰ্যা লাভ কৰিব ।

আৰু পঢ়ক: গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in