/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8f51aff8-3b12-4c01-bcba-9115ea998e8f/uuu.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়া: নগাঁও জিলা অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত মঙলবাৰে নগাঁও জিলাৰ বেবেজীয়াস্থিত আৰ্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুশীলন বহী বিতৰণ কৰে ৷ বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ প্ৰায় ২৫০ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত এই অনুশীলন বহী বিতৰণ কৰে ৷
অনুষ্ঠানত বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ অধ্যক্ষা বৰ্নালী বৰা,সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অনুপম দাসে আতঁধৰা অনুষ্ঠানটিত অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসে নিজৰ ভাষণ প্ৰসংগত ছাত্ৰছাত্ৰী সকলক অধ্যয়নশীল হবলৈ আহ্বান জনায় ৷
অনুষ্ঠানত অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ পৰিদৰ্শক অভিজিত ফুকন আৰু সাংবাদিক দেৱজিৎ হাজৰিকা,অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ সদস্য নৱজ্যোতি দাস,অৰুণ বনিয়াই ছাত্ৰছাত্ৰী সকলক বিদ্যালয় খনৰ শৈক্ষিক ফলাফল ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাই ৷ উল্লেখ যে,অনাগত দিনটো এনেদৰে জিলা খনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ ছাত্ৰছাত্ৰীৰ মাজত অনুশীলন বহী বিতৰণৰ কাৰ্যসূচী সমূহ অব্যাহত থাকিব ৷
ক্লিক কৰি পঢ়কঃ উৰুকা উপলক্ষে শোণিতপুৰৰ ব্ৰহ্মপুত্ৰত আছে মাছ ধৰাৰ অনুমতি, নাই কাজিৰঙাৰ বিলত...