নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সফল সামৰণি

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ দেওবাৰে সফল সমাপ্তি ঘটে ৷
নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সফল সামৰণি

ডিজিটেল সংবাদ , নগাঁও : তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ দেওবাৰে সফল সমাপ্তি ঘটে ৷ নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নিজৰ চমু ভাষনত কয় - অসম সাহিত্য সভাই ইতিমধ্যে ১০০ বছৰ অতিক্ৰম কৰিছে৷ অসমীয়া জাতিৰ সংকটৰ সময়ত অসম সাহিত্য সভাই সদায়েই মাত মাতি আহিছে ৷

বৰ্তমান সময়ত নৱপ্ৰজন্মই ডিজিটেল মাধ্যমৰ গ্ৰন্থকে ধৰি বিভিন্ন বিষয়ৰ অধ্যয়ন কৰিবলৈ সুযোগ পাইছে যদিও ছপা গ্ৰন্থৰ গুৰুত্ব বেছি ৷এখন গ্ৰন্থ হাতত লৈ আমি সকলোৱে আনন্দ অনুভৱ কৰো ৷ গ্ৰন্থৰ বিক্ৰী এতিয়াও আছে বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সাহিত্য সভাক আহ্বান জনায় ৷ সভাত অংশগ্ৰহণ কৰি শ্ৰী- মন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই অবিভক্ত নগাঁও জিলাৰ প্ৰাচীন ঐতিহ্য আৰু নগঞাঁ সাহিত্যৰ কাণ্ডাৰী সকলৰ কথা উল্লেখ কৰি কয় - অসমীয়া সাহিত্যৰ আদি যুগ নগাঁৱতেই হৈছে ৷ নগাঁৱৰ সাহিত্যৰ ইতিহাস বৰ্ণিল ৷

প্ৰসঙ্গক্ৰমে বৰাই কয় যে বৰ্তমানৰ একাংশ নৱপ্ৰজন্মই সাহিত্য ,সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত বিশেষ অধ্যয়ন কৰিব নিবিচাৰে ৷কেতিয়াবা যুৱ প্ৰজন্মক লৈ নিৰাশ হওঁ ৷ একাংশ উঠি অহা প্ৰজন্মই নিজৰ ঘৰৰ বা ওচৰৰ লোকৰ খৱৰ নাৰাখে ৷ তেওঁলোক ইনটাৰনেট সেৱাত ব্যস্ত থাকে ৷লগতে বৰাই আৰু কয়- আমাৰ বহু ঐতিহ্য ,সংস্কৃতি ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে । এই হেৰাই যোৱা ঐতিহ্য ,সংস্কৃতি উদ্ধাৰৰ দায়িত্ব লবলৈ নৱপ্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব ৷এইক্ষেত্ৰত অসম সাহিত্য সভাই দায়িত্বশীল ভূমিকা পালন কৰা উচিত ৷ ৰাজ্যখনত সংঘটিত হৈ থকা বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰি বৰাই কয়- সমাজ সেৱক সকল একো একোজন সামাজিক অভিযন্তা ৷ সামাজিক অভিযন্তাইহে সমাজক ৰক্ষা কৰিব পাৰে৷

সাহিত্যৰ বিষয়ে উল্লেখ কৰি বৰাই কয়- সাহিত্য শক্তি আটাইতকৈ ডাঙৰ। সাহিত্যই গৈ থকা মানুহক ৰখাই দিব পাৰে আৰু ৰৈ থকা মানুহক গতি দিব পাৰে ৷মহাপুৰুষ শ্ৰী- মন্ত শংকৰদেৱ- মাধৱদেৱৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰি বাবুল বৰাই কয়- শংকৰদেৱ- মাধৱদেৱক পাহৰি গলে অসমীয়া জাতিক কোনো শক্তিশালী শক্তিয়ে ৰক্ষা কৰিব নোৱাৰে ৷ তেওঁ সকলোকে অসমীয়া সংস্কৃতি আৰুঐতিহ্য ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷

সভাতেই নগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰি দিয়া ভাষনত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় - নগাঁও অলেখ সাহিত্য কাণ্ডাৰীৰ জন্মভূমি ৷ এওলোক আছিল জাতি দৰ্শনৰ স্ৰষ্টা আৰু জাতিটোক নতুন পথৰ সন্ধান দিছিল৷ অসমীয়া ভাষাৰ বিপৰ্যয়ৰ সময়ত নগাৱতেই থাকি মাইলছ ব্ৰনছন আৰু আনন্দ ৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ বাৱে আহোপুৰুষাৰ্থ কৰিছিল৷ যুগে যুগে সাহিত্যকৰ্ম চলি আহিছে বুলি মন্তব্য কৰি বৰদলৈয়ে কয়- সাহিত্য কৰ্মৰ চৰিত্ৰ সময়ে সময়ে সলনি হৈ থাকে। বৰদলৈয়ে নগাঁও জিলা সাহিত্য সভাক ডিজিটেল আৰ্ককাইভ মুকলি কৰিবৰ বাৱে তেওঁৰ সাংসদ পুজিৰ পৰা ১০ লাখ টকা অনুদান দিব বুলি সভাতেই ঘোষনা কৰে ৷

সভাত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ভাষন প্ৰদান কৰি কয়- নগাঁও হৈছে মৌলিক সাহিত্য সৃষ্টিৰ মুল ভেটি ৷ নগাঁৱত কল কাৰখানা নাই ,আছে উৰ্বৰ মস্তিস্ক ৷যাক লৈ আমি গৌৰৱ অনুভৱ কৰো ৷ অসমীয়া ভাষাই আজিও ৰাজ্য ভাষাৰ স্বীকৃতি পোৱা নাই বুলি মন্তব্য কৰি বৰুৱাই কয় - সকলো ফালৰ পৰাই অসমীয়া ভাষাক চেপি ধৰিছে ৷ অসমীয়া ভাষীৰ সংখ্যা দ্ৰুত ভাৱে কমি আহিছে ৷ মাত্ৰ ৪৭ শতাংশইহে অসমীয়া ভাষা কয় ৷

সভাত ভাষন প্ৰদান কৰি বিশিষ্ট সাহিত্যিক গৱেষক ড° নৰেন কলিতাই কয়- অসমীয়া এটা চহকী ভাষা এই ভাষাৰ প্ৰতি বিভিন্ন সময়ত প্ৰত্যাহ্বান আহিছে যদিও অসমৰ সমাজ জীৱনে এই প্ৰত্যাহ্বান নেওচি ভাষাটোক জীপাল কৰি ৰাখিছে ৷ সভাতেই সোনালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ কৰা স্বৰ্ণস্মৃতি নামৰ স্মৰণিকা উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৷ সভাত ভীস্ম দুৰ্লভ মহন্তৰ "শ্ৰী শ্ৰী মাধৱদেৱৰ বিচিত্ৰ জীৱন আৰু অৱদান" গ্ৰন্থখন উন্মোচন কৰা হয় ৷

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আত ধৰা সভাত অসম সাহিত্যসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা ,নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকা , সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি শ্যামান্ত দাস,সাহিত্য সভাৰ বিভিন্ন বিষয় ববীয়া ক্ৰমে ভৱেশ মেধি,আবুল খায়েৰ আহমেদ , উপেন বৰা ,শৰৎ শইকীয়া,দেৱেন বৰদলৈ ,বিনু লস্কৰ ঠাকুৰীয়া,ত্ৰিদিপ লস্কৰ ,বল্লদেৱ শৰ্মা,ময়ুৰ বৰা আৰু মৃগাংক বৰা আদিয়ে অংশগ্ৰহণ কৰে৷ ইপিনে পুৱাৰ ভাগত নগাঁও চহৰত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিওৱা হয় । সন্ধ্যা শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সোৱঁৰনত হোৱা সাংস্কৃতিক সন্ধ্যাৰে সোনালী জয়ন্তী উৎসৱৰ সামৰনি পৰে ৷

আৰু পঢ়ক: কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in