/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c08f4023-f69c-4c61-9210-425230d51ea5/pushan_mah.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : সবল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত শ্ল'গানেৰে নগাঁও জিলাৰ বুঢ়াগোঁহাইত শুকুৰবাৰে সমাজ কল্যাণ বিভাগ নগাঁৱৰ উদ্যোগত আৰু পাখীমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়।
এই উপলক্ষে আয়োজিত সভাখনিত সভাপতিত্ব কৰে তুলসীমুখ মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্লাৱিতা বৰাই। পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা উপমা শৰ্মা বৰুৱাই আঁত ধৰা সভাখনিৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে প্ৰকল্প বিষয়া শীলা দাসে।
সভাত ৰাষ্ট্ৰীয় গ্ৰাম্য সেৱাৰ চিকিৎসা সেৱাৰ চিকিৎসক ডা: পংকজ জ্যোতি বৰুৱাই কয় যে- জন্ম হোৱা শিশুসকল যদি শক্তিশালী হয়, মাতৃ সৱল হয় তেন্তে আমাৰ সমাজখনো সুস্থ আৰু সৱল হৈ উঠিব।
সভাত বিশিষ্ট অতিথিৰ ভাষণত সাংবাদিক দেৱজিত হাজৰিকাই কয় যে- শিশুসকল দেশৰ ভৱিষ্যত। শিশু আৰু মহিলাৰ স্বাস্থ্যৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। শিশু আৰু মহিলাসকল স্ব্যস্থ্যবান হ'লেহে আমাৰ সমাজখন শক্তিশালী হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/83493e7b-e53e-43df-9460-8073fb982da6/pushannnn.jpg)
সভাত তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰকান্ত দাসেও ভাষণ প্ৰদান কৰে। পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী-সহায়িকা সকলে শিশু সকলক উদ্দেশ্যি গীত পৰিৱেশন কৰা সভাখনিত ডা: আব্দুল ৰেজাক আহমেদ, সবিতা চৰকাৰ, ডা: জাফৰ এচ আৰ, মুখ্য সেৱিকা ক্ৰমে ৰুনজুন শইকীয়া, কাঞ্চন দেৱী, সোনালী বৰা, মৌচুমি গায়ন, সত্যৰঞ্জন শইকীয়া, থানেশ্বৰ শৰ্মা,ভৱেন বৰা, ৰিদিশা শইকীয়া, তাপসী দে, অমল বৰা, কাউন্সিলাৰ অনিতা বৰাকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে পোষণ মাহৰ অনুষ্ঠানটিত গৰ্ভৱতী মহিলাৰ থলুৱা খাদ্য সম্ভাৰ এখনি প্ৰদৰ্শনী পৰিৱেশন কৰা হয়।
আৰু পঢ়ক : হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ সভাত অঘটনঃ মুখ্যমন্ত্ৰী গৰাকীৰ মাইক্ৰ'ফোন কাঢ়ি নিলে যুৱকে...