বহিৰাগত বনিয়াৰ দপদপনি! থলুৱাৰ স্বাৰ্থ সুৰক্ষাৰ্থে উৰিয়াগাঁৱত আৰম্ভ আমৰন অনশন

নগাঁও জিলাৰ উৰিয়াগাঁও বাইপাচ চকত থলুৱাক বঞ্চিত কৰি বহিৰাগত বনিয়াক ভূমি গতাই দিয়াৰ প্ৰতিবাদত সোমবাৰৰ পৰা আৰম্ভ হৈছে আমৰন অনশন ৷
বহিৰাগত বনিয়াৰ দপদপনি! থলুৱাৰ স্বাৰ্থ সুৰক্ষাৰ্থে উৰিয়াগাঁৱত আৰম্ভ আমৰন অনশন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও বাইপাচ চকত থলুৱাক বঞ্চিত কৰি বহিৰাগত বনিয়াক ভূমি গতাই দিয়াৰ প্ৰতিবাদত সোমবাৰৰ পৰা আৰম্ভ হৈছে আমৰন অনশন ৷ জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ , উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰম্ভ হৈছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

থলুৱা ৰাইজৰ ভূমি বহিঃৰাজ্যৰ বনিয়াক গতোৱা বন্ধ কৰক , থলুৱা লোকক ভূমি ব্যৱহাৰৰ অনুমতি প্ৰদান কৰক , ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰ পুনৰ নিৰ্মান কৰক , ক্ষুদ্ৰ ব্যৱসায়ী সকলা সমস্য স্থায়ী সমাধান কৰক , গনতান্ত্ৰিক আন্দোলন প্ৰশাসনৰ দমন নীতিৰে বন্ধ কৰা নচলিব আদিৰ দাবীত আৰম্ভ হৈছে এই আমৰন অনশন ৷

উল্লেখ্য এই যে সঞ্জয় আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে দুদিন শনিবাৰ আৰু দেওবাৰে আৰক্ষী বাহিনী লগত লৈ উৰিয়াগাঁৱৰ প্ৰতিবাদী ৰাইজক ভয় খুৱাবলৈ ভূমি উন্নয়নৰ কাম হাতত দিছিল ৷ ব্যৱসায়ীজনে প্ৰশাসনক ব্যৱহাৰ কৰি শতাধিক আৰক্ষীক লগত লৈ জেচিবি লগাই ৰাইজৰ প্ৰতিবাদক ভেঙুচালি কৰি কাম কৰোৱা ঘটনাক লৈ অসন্তুষ্ট প্ৰতিবাদী ৰাইজ ৷ আগৰৱালা নামৰ ব্যৱসায়ীজনে দুদিন ধৰি আৰক্ষীৰ খাদ্য আদি যোগান ধৰা বুলি জানিব পৰা গৈছে ৷

থলুৱা লোকৰ পৰা পানী দামত পথ নিৰ্মানৰ বাবে অধিক মাটি অধিগ্ৰহন কৰি সংগোপনে বনিয়াক অধিক দামত উক্ত ভূমি লীজত দি সৰ্বসাধাৰন ক্ষুদ্ৰ ব্যৱসায়ীক ভাতে মাৰা অভিসন্ধি কৰা ষড়যন্তৰ বিৰুদ্ধে সৰব ৰাইজ ৷ সিমানে নহয় ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ উন্নয়নলৈ পিঠি দি এলেকাটোৰ গৰিমা ম্লান কৰিব বিছৰা কোনো কামক প্ৰতিবাদী ৰাইজে প্ৰশয় নিদিয়ে বুলি স্পষ্ট কৰি দিছে ৷

আৰু পঢ়ক: বান্দৰদেৱাৰ বালিপুখুৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে পথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in