বান্দৰদেৱাৰ বালিপুখুৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে পথ...

বালিপুখুৰী অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে নিজৰ গাঁৱৰ গুৰুত্বপূৰ্ণ পথটি
lakhimpur
lakhimpur

ডিজিটেল সংবাদ, বান্দৰদেৱা : লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ভোলাবৰি গাঁও পঞ্চায়ত এলেকাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিপুখুৰী অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে নিজৰ গাঁৱৰ গুৰুত্বপূৰ্ণ পথটি।

স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো সৰ্ব দিশতে বঞ্চিত, অৱহেলিত গাঁও খনৰ ৰাইজে বছৰ বছৰ ধৰি চৰকাৰ প্ৰশাসনৰ ওচৰত আবেদন নিবেদন কৰিও কোনো সুফল লাভ নকৰি অৱশেষত ৰাইজে প্ৰতিটো পৰিয়ালৰ পৰা এশ-দুশ টকাকৈ সংগ্ৰহ কৰি কাষৰীয়া দোৰপাং নদীৰ পৰা সংগ্ৰহ কৰা শিল বালি পেলাই যাতায়তৰ উপযোগী কৰিছে পথচোৱা।

নিৰ্বাচনৰ সময়ত কেৱল ভোট বিচাৰি অহাৰ বাদে অঞ্চলটোলৈ জনপ্ৰতিনিধি সকলৰ কোনোদিনে আগমন নঘটে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

সৰ্বদিশতে বঞ্চিত অৱহেলিত বালিপুখুৰী অঞ্চলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ-প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে সচেতন ৰাইজে।

আৰু পঢ়ক : নিয়ম কাৰ বাবে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in