দাংধৰা উঃ মাঃ বিদ্যালয়ৰ পাঠদান গৃহ উদ্বোধন এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াৰ

দাংধৰা উঃ মাঃ বিদ্যালয়ৰ পাঠদান গৃহ উদ্বোধন
দাংধৰা উঃ মাঃ বিদ্যালয়ৰ পাঠদান গৃহ উদ্বোধন

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাত গুণগত শিক্ষাৰ গৰিমা বিলাই গৌৰৱোজ্জ্বল ৫০টা বৰ্ষ অতিক্ৰম কৰা দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সতে সংগতি ৰাখি বুধবাৰে এটা স্থায়ী পাঠদান গৃহৰ শুভ উদ্বোধন কৰা হয়। বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপনৰ বুধবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যৰে নিৰ্মিত এটা সুদৃশ্য পাঠদান গৃহৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই ।

পৰিষদে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে আগবঢ়োৱা প্ৰায় ১৫ লাখ টকাৰে উক্ত বৃহৎ পাঠদান গৃহটো নিৰ্মাণ কৰা হৈছিল। এই সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত কৰা হয় শুভাৰম্ভনি অনুষ্ঠান। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেম পেগু, সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ পাতিৰ , বিদ্যালয়ৰ অধ্যক্ষ কৰুণা গগৈ , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগু , মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সদস্য যতীন পেগু , মিচিং জাতিয় সংগঠনৰ জিলা বিষয়ববীয়া সঞ্জীৱ দলে , দ্বীপেন দলে আৰু অন্যান্য নেতৃবৰ্গ ,বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই জনগোষ্ঠীয় "য়কছা"ৰে "পীৰ" কাটি নব নিৰ্মিত পকী গৃহৰ শুভ উদ্বোধন কৰে।

অধ্যক্ষ কৰুণা গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ১৫ লাখ ব্যয়ৰে নিৰ্মিত ৩ টা কোঠাৰ লগতে বিদ্যালয়ৰ বহু ভগ্ন অংশ পুনৰ নিৰ্মাণ কৰি উলিওৱা কামৰ উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে সমগ্ৰ দক্ষিণ ঢকুৱাখনা অঞ্চলৰ শিক্ষাৰ্থীসকলক উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ় দিয়াৰ ক্ষেত্ৰত এই নব নিৰ্মিত আঁচনিয়ে বৰেণ্য সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ পাতিৰে বিদ্যালয়ৰ আন্তঃগাঁথনি সৱলীকৰণত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ অৰ্থানুদানৰ বাবে কৃতজ্ঞ চিত্তে শলাগ লয় । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেম পেগুৱে উদ্বোধক চায়েঙিয়াক বিদ্যালয় পৰিয়ালৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in