নগাঁৱত পৌৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট...

পৌৰনিকায় সমূহৰ কৰ্মচাৰী সকলৰ বিভিন্ন দাবীৰ সমৰ্থনত শুকুৰবাৰে নগাঁৱত পৌৰ কৰ্মচাৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত পৌৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট...

nagaon

ডিজিটেল সংবাদ, বেবেজীয়া : পৌৰনিকায় সমূহৰ কৰ্মচাৰী সকলৰ বিভিন্ন দাবীৰ সমৰ্থনত শুকুৰবাৰে নগাঁৱত কৰ্মচাৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সন্থাৰ নগাঁও শাখাৰ উদ্যোগত পৌৰ নিকায়ৰ কৰ্মচাৰী সকলে এই কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

অৱস্থান ধৰ্মঘটকাৰী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে। ৰাজ্যখনৰ পৌৰ সভা ভেদে পৌৰ কৰ্মচাৰী সকলৰ বিগত সময়ৰ অনাদায় দৰমহা শীঘ্ৰে আদায় দিয়া, পৌৰ কৰ্মচাৰী সকলক প্ৰতিমাহৰ শেষত দৰমহা আদায় দিয়া, পৌৰসভা সমূহত কৰ্মৰত হৰিজন, ছাফাই কৰ্মী, ফিক্স পে আৰু ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে কৰ্মচাৰী সকলে।

আৰু পঢ়ক : নগাঁৱৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালকৰ মৃত্যু...

nagaon assam protest