নগাঁৱৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালকৰ মৃত্যু...

নগাঁৱৰ ফৌজদাৰীপট্টি নিবাসী, বিশিষ্ট চিকিৎসক ডা: দুৰ্গেশ্বৰ কছাৰীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়
nagaon
nagaon

ডিজিটেল সংবাদ, নগাঁও : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা নগাঁও চহৰৰ ফৌজদাৰীপট্টি নিবাসী, বিশিষ্ট চিকিৎসক ডা: দুৰ্গেশ্বৰ কছাৰীৰ (৭৯) হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। যোৰহাট জিলাৰ তিতাবৰত জন্ম গ্ৰহণ কৰা কছাৰীয়ে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পিছত নগাঁও জিলাৰ কুঠৰী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক হিচাপে যোগদান কৰে।

কুঠৰীত প্ৰায় ১৬ বছৰ ধৰি চিকিৎসা সেৱা কৰি অঞ্চলটোৰ ৰাইজৰ জনপ্ৰিয় হৈ পৰিছিল। পৰৱৰ্তী সময়ত বাৰপুজীয়া প্ৰাথমিক চিকিৎসা কেন্দ্ৰত মহকুমা চিকিৎসা বিষয়া হিচাপে কৰ্মত নিয়োজিত হয়। পিছলৈ তেওঁ নগাঁৱৰ অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক হিচাপে কৰ্মৰত হয়। যুটীয়া সঞ্চালক হিচাপে পদোন্নতি লাভ কৰি শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হিচাপে নিয়োজিত হৈ কিছুদিন কাম কৰাৰ পিছত নগাঁৱলৈ জিলা খনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক হিচাপে বদলি হৈ আহে।

২০০৪ চনত তেওঁ নগাঁৱৰ যুটীয়া সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ পিছতো তেওঁ চিকিৎসা সেৱা অব্যাহত ৰাখিছিল। এজন সু চিকিৎসক হিচাপে পৰিচিত ডা: কছাৰী বিভিন্ন সামাজিক, সাংস্কৃতিক কাম কাজৰ লগত জড়িত আছিল।

তেওঁৰ মৃত্যুত নগাঁৱৰ লগতে কুঠৰী অঞ্চলতো শোকৰ ছাঁ পৰিছে। নগাঁও জিলা স্বাস্থ্য বিভাগে ডা: কছাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী,দুই পুত্ৰসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in