১৪ টাকৈ সোণৰ পদক আজুৰি ৰাজ্যলৈ সুনাম কঢ়িয়ালে প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে...

nagaon
nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে সুনাম কঢ়িয়াই আনিছে ৰাজ্যলৈ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত বেঙ্গালুৰু ললিথ কলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা বিভিন্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ৩৩ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰে ১৪ জনে প্ৰথম স্থানসহ সোণৰ পদক, ১২ জনে দ্বিত্বীয় স্থানসহ ৰূপৰ পদক আৰু ৭ জনে তৃতীয় স্থানসহ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ৷ লগতে প্ৰতিযোগিতাত দেশৰ ভিতৰত বিদ্যালয়খনৰ তিনি ছাত্ৰ-ছাত্ৰীয়ে “ কলা ৰত্ন পদ “ লাভ কৰিছে ৷ কলা ৰত্ন পদ লাভ কৰা তিনিজন হৈছে আমন দ্বীপ হাজৰিকা, বৈষ্ণৱী প্ৰাগশ্ৰী কলিতা আৰু ঋষিকা ভট্টাচাৰ্য ৷

ললিথা কলা চেন্টাৰে ২০২২ বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছিল ৷ দেশৰ ৫,৩২৭ খন চিত্ৰাংকন বিদ্যালয়ৰ ২ লাখ ৭০ হাজাৰ ১৮৯ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিছিল ৷ ইতিমধ্যে প্ৰতিযোগিতা খনৰ ফলাফল ঘোষণাৰ পিছত প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ তিনিজনে কলা ৰত্ন পদক, ১৪ জনে সোণৰ পদকসহ ৩৩ টাকৈ পুৰস্কাৰ লাভৰ তালিকাত নাম সনিৱিষ্ট হোৱাৰ পিছত অধ্যক্ষ প্ৰদীপ মজুমদাৰৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল উৎফুল্লিত হৈ পৰিছে ৷

ইফালে কলকতা সুৰনন্দন ভাৰতীৰ ২০২২ বৰ্ষৰ সপ্তম বাৰ্ষিক চিত্ৰাংকন (অংকন) পৰীক্ষাত প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ তিনি ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত কৃতিত্ব অৰ্জন কৰিছে ৷ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম, দ্বিত্বীয় আৰু তৃতীয় স্থান লাভ কৰা কৃতিমানৰ নাম হৈছে মেঘনা শাণ্ডিল্য, অৰিজিতা দাস , অনুৰনন শৰ্মা ৷

বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰক নন্দন চিত্ৰ বঁটা প্ৰদান কৰাৰ লগতে তেজিব ভূঞা, নেহা ভূঞা, পৰীক্ষিত গায়ন বৰা, দৃশিকা বৰা, প্ৰীতিশা শইকীয়া, অৰ্ণব পৰাশৰ, মেঘনা শাণ্ডিল্য, অৰিজিতা দাস আৰু অনুৰনন শৰ্মাক চিত্ৰশ্ৰী বঁটাৰে বিভূষিত কৰিছে সুৰনন্দন ভাৰতীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in