কটন বিশ্ববিদ্যালয়ত COP27 জলবায়ু সন্মিলন সন্দৰ্ভত আলোচনাচক্ৰ...

কটন বিশ্ববিদ্যালয়ত COP27 জলবায়ু সন্মিলন সন্দৰ্ভত আলোচনাচক্ৰ...

ডিজিটেল ডেস্ক : জলবায়ু ন্যায়, জলবায়ুৰ বিত্তীয় সাহায্য আৰু জলবায়ুৰ-বিপৰীতে-ঋণৰ-বিনিময়ৰ ওপৰত শেহতীয়া COP 27-জলবায়ু সন্মিলনৰ বিশেষ গুৰুত্বই দক্ষিণ এছিয়াৰ উত্তৰ-পূব অংশটোত কেনেধৰণেৰে প্ৰভাৱিত কৰিব পাৰে, সেই বিষয়ে সবিশেষভাৱে আলোচনা কৰিবলৈ কটন বিশ্ববিদ্যালয়ত অহা ১৬ ডিচেম্বৰ তাৰিখে “COP 27-জলবায়ু সন্মিলনৰ পিছত দক্ষিণ-পূব এছিয়াৰ বাবে পৰৱৰ্তী কি আছে?” শীৰ্ষক এখনি পেনেল আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে।

গুৱাহাটীস্থ চেণ্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন (চিইচিএএফ), কটন বিশ্ববিদ্যালয়ৰ আন্তঃশাখা জলবায়ু গৱেষণা কেন্দ্ৰ (আইচিআৰচি) আৰু অসম চৰকাৰৰ অন্তৰ্গত অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি (এচিচিএমএছ)-ৰ যৌথ উদ্যোগত এই আলোচনাচক্ৰখনিৰ আয়োজন কৰা হৈছে ।

আলোচনাচক্ৰখনিৰ বিশিষ্ট পেনেলিষ্টসকলৰ ভিতৰত আছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ অধ্যক্ষ, অধ্যাপক ড° অৰূপ কুমাৰ মিশ্ৰ, অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিৰ কাৰিকৰী পৰামৰ্শদাতা শ্ৰী ৰিজৱান উজ জামান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক ড° শৰৎ ফুকন, আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা কেন্দ্ৰৰ সহযোগী অধ্যাপক ড° শান্তনু গোস্বামী আৰু খিলঞ্জীয়া জলবায়ু ন্যায় মঞ্চৰ প্ৰতিষ্ঠাপক শ্ৰী ঋতুৰাজ ফুকন।

এই আলোচনাচক্ৰখনিৰ আঁত ধৰিব কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ৰাহুল মহন্তই। এই পেনেল আলোচনা-চক্ৰখনিত ২৭ সংখ্যক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ (COP27) ফলাফলসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ’ব। লগতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ বাবে বিশেষভাৱে আগ্ৰহৰ বিষয়স্বৰূপ অঞ্চলটোৰ বহুকেইটা জলবায়ু পৰিৱৰ্তনৰ অন্তৰ্গত বিষয় আৰু জলবায়ু সম্পৰ্কীয় দুৰ্যোগ সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হ’ব।

ইচ্ছুক ব্যক্তিসকলে পেনেল আলোচনাৰ বিষয়ে সবিশেষ জানিবলৈ চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যনৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীৰ সৈতে ৮২৫৭০৬৭২৯৭ নম্বৰত অথবা ইমেইলযোগে (ceacaindia@gmail.com) যোগাযোগ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in