১৪ টাকৈ সোণৰ পদক; প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফে ৰাজ্যলৈ কঢ়িয়াই আনিলে সুনাম

ৰাষ্ট্ৰীয় পৰ্যায়ত বেঙ্গালুৰু ললিথ কলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা বিভিন্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ৩৩ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

author-image
Asomiya Pratidin
New Update
১৪ টাকৈ সোণৰ পদক; প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফে ৰাজ্যলৈ কঢ়িয়াই আনিলে সুনাম

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ প্ৰদীপ এণ্ড ক্ৰাফ্টে সু নাম কঢ়িয়াই আনিছে ৰাজ্যলৈ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত বেঙ্গালুৰু ললিথ কলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা বিভিন্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ৩৩ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

Advertisment

ইয়াৰে ১৪ জনে প্ৰথম স্থান সহ সোনৰ পদক , ১২ জনে দ্বিতীয় স্থান সহ ৰূপৰ পদক আৰু ৭ জনে তৃতীয় স্থান সহ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ৷ লগতে প্ৰতিযোগিতাত দেশৰ ভিতৰত বিদ্যালয়খনৰ তিনি ছাত্ৰ ছাত্ৰীয়ে “ কলা ৰত্ন পদ “ লাভ কৰিছে ৷ কলা ৰত্ন পদ লাভ কৰা তিনিজন হৈছে আমন দ্বীপ হাজৰিকা , বৈষ্ণবী প্ৰাগশ্ৰী কলিতা আৰু ঋষিকা ভট্টাচাৰ্য ৷

ললিথা কলা চেন্টাৰে ২০২২ বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছিল ৷ দেশৰ ৫ হাজাৰ ৩ শ ২৭ খন চিত্ৰাংকন বিদ্যালয়ৰ ২ লাখ ৭০ হাজাৰ ১৮৯ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিছিল ৷

ইতিমধ্যে প্ৰতিযোগিতা খনৰ ফলাফল ঘোষণাৰ পিছত প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ তিনিজনে কলা ৰত্ন পদক , চৈধ্যজনে সোণৰ পদক সহ ৩৩ টাকৈ পুৰস্কাৰ লাভৰ তালিকাত নাম সনিবিষ্ট হোৱাৰ পিছত অধ্যক্ষ প্ৰদীপ মজুমদাৰৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী , অভিভাবক সকল উৎফূলিত হৈ পৰিছে ৷

ইফালে কলকতা সুৰনন্দন ভাৰতীৰ ২০২২ বৰ্ষৰ সপ্তম বৰ্ষ বাৰ্ষিক চিত্ৰাংকন (অংকন) পৰীক্ষাত প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ তিনি ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত কৃৰ্তিত্ব অৰ্জন কৰিছে ৷ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম, দ্বিত্বীয় আৰু তৃতীয় স্থান লাভ কৰা কৃৰ্তিমানৰ নাম হৈছে মেঘনা শাণ্ডিল্য , অৰিজিতা দাস , অনুৰনন শৰ্মা ৷

বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰক নন্দন চিত্ৰ বঁটা প্ৰদান কৰাৰ লগতে তেজিব ভূঞা , নেহা ভূঞা , পৰীক্ষিত গায়ন বৰা , দৃশিকা বৰা , প্ৰীতিশা শইকীয়া , অৰ্ণব পৰাশৰ , মেঘনা শাণ্ডিল্য , অৰিজিতা দাস আৰু অনুৰনন শৰ্মাক চিত্ৰশ্ৰী বঁটাৰে বিভূষিত কৰিছে সুৰনন্দন ভাৰতীয়ে ৷

আৰু পঢ়ক: ম্যানমাৰৰ পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ

nagaon assam