বান সাহাৰ্য্যৰ নামত ধন দাবী কৰিলে খবৰ দিয়ক প্ৰশাসনক, জাৰি কৰিলে বিশেষ নম্বৰ…

বান সাহাৰ্য্যৰ নামত ধন দাবী কৰিলে খবৰ দিয়ক প্ৰশাসনক, জাৰি কৰিলে বিশেষ নম্বৰ…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

ডিজিটেল সংবাদ,নগাঁও: ধনৰ বিনিময়ত বান সাহাৰ্য় প্ৰদানৰ অভিযোগৰ ক্ষেত্ৰত কঠোৰ হৈছে নগাঁৱৰ প্ৰশাসন ৷ কামপুৰ চক্ৰ বিষয়াই চৰকাৰী বান সাহাৰ্যৰ নামত কোনোৱে ধন দাবী কৰিলে লগে লগে চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনাইছে ৷

Advertisment

চক্ৰ বিষয়াই স্পষ্ট কৰি দিছে যে বান পীড়িতলৈ আগবঢ়োৱা সাহাৰ্যৰ পৰিবহন ব্যয় চৰকাৰে বহন কৰিব ৷ সম্পূৰ্ণ চৰকাৰী খৰচত সাহাৰ্য বিতৰন কৰা হৈছে আৰু সাহাৰ্যৰ পৰিবহনো বিনামূলীয়া ৷ এই ক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী লোকে পৰিবহনৰ নামত ধন দাবী কৰিলে কামপুৰৰ চক্ৰ বিষয়াক তৎকালে অবগত কৰিবলৈ আহ্বান জনাইছে ৷

দুৰ্যোগ ব্যৱস্হাপনাৰ ট'ল ফ্ৰি নম্বৰ ১০৭৭ নম্বৰত সাহাৰ্যৰ নামত কোনোয়ে ধন দাবী কৰিলে লগে লগে অভিযোগ দাখিল কৰিবলৈকো আহ্বান জনাইছে ৷ ইয়াৰ বাহিৰেও ০৩৬৭২-২৩৬৮২৭ নম্বৰটো অভিযোগ দাখিল কৰিব পাৰিব বুলি এক প্ৰেছ বিবৃত্তি যোগে কামপুৰৰ চক্ৰ বিষয়াই জনাইছে ৷

আৰু পঢ়ক: হিৰ' মট'কৰ্প লিমিটেডৰ অসম আৰক্ষীলৈ উপহাৰ,আৰক্ষী সঞ্চালক প্ৰধানে বিতৰণ কৰিলে ৩২৫ খন মটৰ চাইকেল

assam Assam police flood nagaon