হিৰ’ মট’কৰ্প লিমিটেডৰ অসম আৰক্ষীলৈ উপহাৰ,আৰক্ষী সঞ্চালক প্ৰধানে বিতৰণ কৰিলে ৩২৫ খন মটৰ চাইকেল

হিৰ’ মট’কৰ্প লিমিটেডৰ অসম আৰক্ষীলৈ উপহাৰ,আৰক্ষী সঞ্চালক প্ৰধানে বিতৰণ কৰিলে ৩২৫ খন মটৰ চাইকেল

ডিজিটেল ডেস্ক: শুকুৰবাৰে ৰাজ্যৰ জিলা সমূহৰ আৰক্ষীৰ মাজত ৩২৫ খন মটৰ চাইকেল বিতৰণ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে, হিৰ' মট'কৰ্প লিমিটেডে তেওঁলোকৰ ক'ৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত ৰাইজৰ সেৱাৰ্থে এই মটৰ চাইকেল সমূহ অসম আৰক্ষীলৈ উপহাৰ হিচাপে আগবঢ়ায়।

এই উপলক্ষে আয়োজিত এক সভাত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে হিৰ' মট'কৰ্প লিমিটেডক ধন্যবাদো জ্ঞাপন কৰি কয় যে মটৰ চাইকেল সমূহে যথেষ্ঠ উপকৃত কৰিব।

উল্লেখ্য যে, এই মটৰ চাইকেল সমূহৰ ৩১৫ খন চাইকেলৰ ভিতৰত ২৮৫ খন হিৰ' গ্লেমাৰ আৰু ৩০ খন এক্সটিম ১৬০ আৰ' মটৰ চাইকেল। এই অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সকল ক্ৰমে এ ৱাই ভি কৃষ্ণা (চি আই ডি), এম পি গুপ্তা(প্ৰশাসন), আৰু হিৰেন চন্দ্ৰ নাথ (এছ বি) লগতে আৰক্ষী মহা পৰিদৰ্শকদ্বয় অনুৰাগ আগৰৱালা (প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখা) আৰু নিতুল গগৈ (প্ৰশাসন)ৰ উপৰি আন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

ইয়াৰোপৰি অনুষ্ঠানত হিৰ' মট'কৰ্প লিমিটেডৰ হৈ অসম আৰু উত্তৰ পূৱৰ জ্যেষ্ঠ এৰিয়া মেনেজাৰ বিকাশ শৰ্মা, মঙলগদৈৰ শ্ৰী সাই মটৰছ ডিলাৰ অজয় গুপ্তা, অসম আৰ উত্তৰ পূৱৰ এৰিয়া মেনেজাৰ মোহিত ভগত, জনেল চেলচ মেনেজাৰ বিপুল কাটাৰে আৰু টেৰিটৰি চেলছ মেনেজাৰ সন্দীপন চৌধুৰীও উপস্থিত থাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in