/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5b2c6da0-4c05-470a-86b6-435897f17b12/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আমি প্ৰায়েই কওঁ টকাৰ গছ ৰুৱা নাই নহয়! টকাৰ জানো গছ থাকিব পাৰে। যি গছৰ পাত টকা সদৃশ হয়। ভাবি চাবলৈ গ'লে কথাতো অসম্ভৱ, অবাস্তৱ। এয়া এক কাল্পনিক বা প্ৰতীকি কথা।
কিন্তু গছৰ পাতবোৰে টকা দিব পৰা গছ বা লতা আছে। তেনে এক লতা জাতীয় উদ্ভিদৰ খেতিত পৰীক্ষামূলক ভাৱে সফল হৈছে দৰং জিলাৰ ছিপাঝাৰৰ এজন উচ্চ শিক্ষিত খেতিয়ক।
নাম তেওঁৰ হিৰণ্য কুমাৰ নাথ। চখ তেওঁৰ খেতি। প্ৰায় ১৫-২০ বছৰ ধৰি খেতিৰ সৈতে জড়িত। কটন মহাবিদ্যালয়ৰ পৰা অধ্যয়ন সমাপ্ত কৰি তেওঁ প্ৰথম ছপা ব্যৱসায়ৰ লৈতে জড়িত হৈ পৰিছিল।
ছিপাঝাৰ বালিপাৰাৰ হিৰণ্য কুমাৰ নাথে প্ৰায় এক-ডেৰ বছৰ ধৰি পাণ খেতিৰ ওপৰত বিভিন্ন পদ্ধতিৰে পৰীক্ষা নিৰীক্ষা কৰি আহিছে। অসমীয়া সমাজত তামোল-পাণৰ আদৰ-সাদৰৰ কথা ক'ব নালাগে। যি কোনো শুভ কামতেই তামোল-পাণৰ ব্যৱহাৰ হয়।
কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গ'লে তামোল এখন দিয়াতো সমাজৰ এক অলিখিত নিয়ম আছিল। এতিয়াও বহু ঠাইত সেই নিয়ম চলি আছে। সেই পাণৰেই খেতি বিজ্ঞান সন্মতভাৱে কেনেকৈ লাভজনক ৰূপত কৰিব পাৰি তাৰেই কিছু ব্যৱহাৰিক পদ্ধতিত নিজা চিন্তা-চৰ্চাৰে হিৰণ্য কুমাৰ নাথে উদ্ভাৱণ কৰিছে।
'ফ্লৰিকা' নামৰ তেওঁৰ নাৰ্ছাৰী খনত দীঘে ৫০ ফুট আৰু বহলে ২০ ফুট আয়তনৰ ১০০০ বৰ্গফুটৰ এটা গ্ৰীণ হাউচ সাজি তাৰ ভিতৰতে কৰিছে পাণৰ খেতি। কেনেকৈ সম্ভৱ হ'ব পাৰে এয়া। নিজ চকুৰে নেদেখিলে কল্পনাই কৰিব নোৱাৰি।
আমি পৰম্পৰাগতভাৱে পাণৰ খেতি, তামোল গছত বগাবলৈ দি বা মদাৰত বগাবলৈ দি কৰো। হিৰণ্য কুমাৰ নাথে ব্যতিক্ৰম ধৰণে গ্ৰীণ হাউচৰ ভিতৰত ৫-৬ ফুট উচ্চতাৰ ভিতৰত হাতেৰে ঢুকি পোৱাকৈ পাণ চিঙিব পৰাকৈ এই খেতি কৰিছে।
পিভিচি পাইপৰ এটা টুকুৰা মাটিত পুতি তাত বাঁহ বা আন পিভিচি পাইপ ভৰাই দি সেই পাইপ ডাল নাৰিকলৰ আঁহেৰে মেৰিয়াই দি প্ৰায় তামোল গছৰ আকৃতি কৰি লৈছে। নাথৰ মতে এই ধৰণে প্ৰস্তুত কৰা খুটাত পাণ অনসয়ে বগাব পাৰে।
দ্বিতীয়তে বৰষুণ নপৰাৰ বাবে পাণত সাধৰণেতে হ'ব পৰা ভেঁকুৰ জাতীয় বেমাৰ নহয়। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ১০০০ বৰ্গফুটৰ এটা গ্ৰীণ হাউচত ১৬০ জোঁপা পাণ লগাব পাৰি। এটা এটা খুটাত দুই-তিনিটাকৈ পুলি দি ইয়াৰ উতৎপাদনো বঢ়াব পাৰি।
কোনো কীটনাশক ব্যৱহাৰ নকৰাকৈ পাণত দিবৰ বাবে তেওঁ নিজাকৈ ফুট চাই, গৰু মূত্ৰ, নিম পাত, পচেতীয়া সংমিশ্ৰণেৰে জৈৱিক কীটনাশকো তৈয়াৰ কৰি লৈছে। পাণৰ আগবোৰৰ পৰা এখন নাৰ্ছাৰী বেড তৈয়াৰ কৰি সেই স্থানত পাণবোৰৰ কাটিং ৰুই তাৰ পৰা পুলি প্ৰস্তুত কৰিছে তেওঁ।
বহুতেই ইতিমধ্যে তেওঁৰ এই পাণ ৰুৱা পদ্ধতি আৰু পাণৰ পুলিৰ প্ৰতি আকৰ্ষিত হৈ সেই খেতিত কৰিবলৈ আগ্ৰহ কৰিছে। হিৰণ্য কুমাৰ নাথৰ মতে অসমলৈ বাহিৰৰ পৰা কোটি কোটি টকাৰ পাণ আহে।যদি এনেকৈ ৩ বছৰ পাণ খেতিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়ে তেতিয়াহ'লে বাহিৰৰ পৰা অহা পাণ বন্ধ কৰি অসমৰ পৰা আন ৰাজ্যলৈ পাণ পঠাব পৰা যাব।
প্ৰায় ৩ মাহৰ পৰা পাণ সমূহ চিঙিব পৰা হয়। বৰ্তমান পাণৰ দৰ প্ৰতি ২০ খিলাত ১০ ৰ পৰা ১৫ টকা। সেই হাৰত তেওঁ হিচাপ কৰি চাইছে যে ১০০০ বৰ্গফুট আয়তনৰ গ্ৰীণ হাউচটোত পাণৰ খেতি কৰিলে মাহে ২০-২৫ হাজাৰ টকা অনাসয়ে উপাৰ্জন কৰিব পাৰি।
যিহেতু পাণ দোকান সমূহত বাংলাপতি,মিঠাপতি পাণৰ ব্যৱহাৰ হয় সেয়ে ইয়াৰ চাহিদাও বৰ বেছি। পৰম্পৰাগত পাণৰ উপৰিও তেওঁ এই ধৰণৰ পাণৰো খেতি আৰম্ভ কৰিছে।
লক্ষ্যণীয় কথাতো হ'ল পাৰ্থক্যবোৰ চাবলৈ তেওঁ পাণৰ খেতি কৰা গ্ৰীণ হাউচৰ কাষতে তামোল গছতো কেইবাজোপা পাণ লগাই নিৰীক্ষণ কৰিছে। বতাহ-বৰষুণ বা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰায়েই পাণবোৰ নষ্ট হয়। কিন্তু তেওঁ যি পদ্ধতি অৱলম্বণ কৰিছে ইয়াৰ ফলত তেনে ক্ষতিৰ সমস্যা নাই।
আনকি হিৰণ্য কুমাৰ নাথে টাবতো পাণৰ খেতি কৰি থৈছে। সেই একেই পদ্ধতিৰে তেওঁৰ পাণৰ খেতি কৰাৰ উদ্দেশ্য হ'ল মহানগৰী বা ফ্লেটত বাস কৰা লোক সকলে পাণৰ খেতি এই ধৰণে কৰি সতেজ পাণ চিঙি খাব পৰাৰ লগতে বিশুদ্ধ অক্সিজেনো পাব।
মানি প্লেন্টৰ দৰেই পাণ গছ। সঁচাই উৎসাহজন এই কৃষি পদ্ধতি। চৰকাৰ আৰু কৃষি বিভাগে উদ্যোগ ল'লে তেওঁ উদ্যমী যুৱক বা খেতিয়কক এই কৃষি পদ্ধতিৰ সকলো কথা প্ৰশিক্ষণৰ জৰিয়তে শিকাই দিবলৈ আগ্ৰহী।
এখন ভিতৰুৱা গাঁৱত এনেদৰে হিৰণ্য কুমাৰ নাথে এতিয়া কৰিছে পাণৰ খেতি। যদি ১০০০ বৰ্গফুট ঠাইৰ পৰাই এই খেতি কৰি মাহে ২০-২৫ হাজাৰ টকাকৈ উপাৰ্জন কৰিব পাৰি তেন্তে এয়াই নহয়নে টকাৰ গছ।
আৰু পঢ়ক: বৃহৎ অঘটন ! ছৌদি আৰবৰ হাতত পৰাস্ত হ’ল আৰ্জেন্টিনা...