
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ চামগুৰিত বনৰীয়া হাতীৰ পিছত এইবাৰ বাঘৰ আতংক ৷ জনঅৰণ্যত বনৰীয়া হাতী ভৈয়ামলৈ আহি তাণ্ডৱ চলোৱাৰ পিছত এইবাৰ বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷
বৃহস্পতিবাৰে বাঘৰ আক্ৰমণত আহত হৈছে দুজনকৈ লোক ৷ এজন পুৱা ভাগত আনজন বিয়লি ভাগত ৷ পুৱা ভাগত বাঘৰ আক্ৰমণত আহত হয় ৫০ বছৰীয়া নাৰ্চিং ওৰাঙ ৷ পথাৰলৈ যাওঁতে ওৰাঙক এটি নাহৰফুটুকী বাঘে আক্ৰমণ কৰি আহত কৰাৰ পিছত গাঁৱৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৷
এই ঘটনাৰ পিছত বিয়লি ভাগত পুনৰ বাঘৰ আক্ৰমণৰ সন্মুখীন হয় ডানিয়েল হৰ নামৰ ২৫ বছৰীয়া যুৱকজন ৷ জানিব পৰা মতে পথাৰত কাম কৰি থাকোতে পিছফালৰ পৰা বাঘে আক্ৰমণ কৰে ৷ বাঘে আক্ৰমণ কৰি বগৰাই লোৱাৰ পিছত ডানিয়েলে চিঞৰ বাখৰ কৰাত যোগেন লগুন নামৰ লোকজন আগবাঢ়ি যায় ৷
যোগেনে হোলোঙাৰে বাঘৰ পিঠিত কোব দিয়াত ডানিয়েলক এৰি বাঘটোয়ে পলায়ন কৰে ৷ লগে লগে আহত ডানিয়েল হ’ৰক চিকিৎসালয়ত ভৰ্তি কৰে ৷ এই ঘটনা চামগুৰি বৰদল মিকিৰগাঁৱত ৷
আৰু পঢ়ক : সোণাৰিত বিশ্ব এইডছ দিৱস পালন