/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dddddd.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও কাৰাটে সংস্থাই আয়োজন কৰা দ্বিতীয় আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা দেওবাৰে সম্পন্ন হৈ যায় ৷ নগাঁও চহৰৰ ডিমৰুগুৰিৰ নগাঁও গোপীনাথ দেব গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় ৷
পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত জিলাখনৰ প্ৰায় পাঁচশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত কাটা আৰু কুমিটেৰ ৮২ টা শাখাত অনুষ্ঠিত হয় ৷
প্ৰতিযোগিতাখনিত নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি প্লাবন বৰা , অসম ৰাজ্যিক কাৰাটে সংস্থাৰ ৰেফাৰি কমিচনৰ উপ সভাপতি দীপক জৈন , নগাঁৱৰ বিশিষ্ট ক্ৰীড়া সংগঠক অমিতাভ বৰা , লীলা বৰা আদি উপস্থিত থাকে ৷
আৰু পঢ়ক : চলন্ত বিমানৰ ভিতৰতে এজনৰ মৃত্যু…