সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ দেহাৱসান...

বিয়লি ২.৪০ বজাত ৪৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে
nagaon
nagaon

ডিজিটেল সংবাদ, নগাঁও : সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ দেহাৱসান ৷ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ বিয়লি ২.৪০ বজাত ৪৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে ৷

সাংবাদিক শৰ্মাৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাত শোঁকৰ ছাঁ পৰিছে নগাঁৱত ৷ নগাঁও জিলাৰ দক্ষিণপাটৰ পৰা সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা বসন্ত কুমাৰ শৰ্মাৰ আকস্মিক মৃত্যুত ম্ৰিয়মান হৈ পৰিছে নগাঁৱৰ সাংবাদিক সকল ৷

“আজিৰ বাতৰি“ কাকতৰ জৰিয়তে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা শৰ্মাই 'আজি'ৰ কাকতটো সংবাদসেৱা কৰিছিল ৷ পৰৱৰ্তী সময়ত দৈনিক অগ্ৰদূতত উপ সম্পাদক, প্ৰাইম নিউজত চীফ ৰিপ’ৰ্টাৰ, প্ৰাগ নিউজত চীফ ৰিপ’ৰ্টাৰ হিচাপে কাম কৰিছিল ৷

বুধবাৰে হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে উন্নত চিকিৎসাবাৰে গুৱাহাটীলৈ লৈ যোৱাৰ পথত ৰহাৰ ওচৰত এম্বুলেঞ্চতে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক শৰ্মাই ৷ মৃত্যুৰ সময়ত শৰ্মাই পত্নী আৰু দুই সন্তানক এৰি থৈ গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in