সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কলিয়াবৰ অধিৱেশনৰ সফল সামৰণি...

চতুৰ্বিংশতিতম্ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই
AASU
AASU

ডিজিটেল সংবাদ, কলিয়াবৰঃ বৃহস্পতিবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত কুঁৱৰীটোলস্থিত গান্ধী খেলপথাৰত অনুষ্ঠিত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ চতুৰ্বিংশতিতম্ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

সভাত অংশ লৈ উপদেষ্টা গৰাকীয়ে কয় যে, কলিয়াবৰ শ্ৰীকৃষ্ণই জিৰোৱা ঠাই আৰু অসমৰ সংগ্ৰামী জীৱনতো এই ঠাইৰ অৰিহণা আছে ৷ ৭২ৰ পাছত ভাষাই মান্যতা পালে, অসম আন্দোলনৰ সফল পৰিসমাপ্তি অসম চুক্তি হ'ল, কিন্তু ইয়াৰ পাছতো আমি যুঁজি আছো আৰু যুঁজি থাকিম ৷ যেতিয়াই আমি বঞ্চিত হওঁ তেতিয়াই আন্দোলন কৰো ৷ খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত নোহোৱালৈকে আন্দোলন কৰিম ৷ অতীতৰ সকলো কথা হৃদয়ঙ্গম কৰি আমি আগুৱাব লাগিব ৷

কলিয়াবৰ মহাবিদ্যালয়ত স্নাতকোত্তৰ শাখা প্ৰৱৰ্তন হওক এই‌ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক আহ্বান জনাইছো বুলি তেওঁ মন্তব্য কৰি লগতে কয় যে বিশ্ববিদ্যালয়ে অনুমোদন দিব লাগে ৷ ছাত্ৰ সন্থাই স্কীল বিশ্ববিদ্যালয় কলিয়াবৰত বিচাৰিছে ৷ কলিয়াবৰত এখন জৈৱ বৈচিত্ৰ্যৰ শিক্ষানুষ্ঠান লাগে, এখন চিকিৎসা মহাবিদ্যালয়, এখন ’আইছাৰ’ শিক্ষা প্ৰতিষ্ঠান, নদী গৱেষণা লাগে ৷ কলিয়াবৰৰ অধিৱেশনৰ পৰা ৰজাঘৰীয়ালৈ আহ্বান, মাধ্যমত হাত নিদিব।

ড০ ভট্টাচাৰ্য্যই লগতে কয় চৰকাৰে আমাক আক্ৰমণ কৰিছে ৷ ইংৰাজী মাধ্যম প্ৰৱৰ্তন, অসমৰ ১২৬ সমষ্টিত এখনকৈ বিদ্যালয় আদৰ্শ বিদ্যালয় কেন্দ্ৰীয় বৰ্ডৰ হ’ব ৷ অসম আন্দোলন মানেই কলিয়াবৰ ৷ কিন্তু সেই আন্দোলনৰ সময়তকৈয়ো এতিয়া ভয়াৱহ সময় বুলি অভিহিত কৰে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷ ন্যায়ালয়ৰ মতে, অসমত বহিঃ আগ্ৰাসন হৈছে বুলিও মন্তব্য কৰে তেওঁ।

অভ্যৰ্থনা সমিতিৰ সভাপতি হিৰুপ্ৰসাদ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰি উপেন্দ্ৰ বৰকটকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ জন্মলগ্নৰ ইতিবৃত্ত আৰু অসমৰ অস্তিত্ব ৰক্ষা বাবে বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা আন্দোলনৰ সম্পৰ্কে আলোকপাত কৰে। মুখ্য অতিথি ৰূপে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে অসমৰ জাতীয় জীৱনত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা সকলো কৰ্মপন্থাত অতীজৰে পৰা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বলিষ্ঠ নেতৃত্ব দি আহিছে আৰু অনাগত দিনতো দি যাব বুলিও আশা ব্যক্ত কৰে।

লগতে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ নেতৃত্ব দিয়াৰ লগতে উচ্চতম ন্যায়ালয়তো গোচৰ তৰি ন্যায় পাবলৈ যুঁজ কৰি থকাৰ কথাও ব্যক্ত কৰে। নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শৈক্ষিক ক্ষেত্ৰত বুক বেংকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়োৱা অৱদানৰ লগতে কলিয়াবৰৰ ৰাইজৰ সহযোগিতাক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, শৈক্ষিক, ক্ৰীড়া আদি বিভিন্ন অনুষ্ঠানৰ সফল ৰূপায়ণ কৰা সম্পৰ্কে আলোকপাত কৰে l

তেওঁ লগতে আমাৰ মাতৃভাষাৰ মাধ্যম চতুৰে চতুৰালিয়ে নাইকীয়া কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে আৰু চৰকাৰেও এইক্ষেত্ৰত লোৱা নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ সমালোচনা কৰে। চৰকাৰী বিদ্যালয়হমূহত ভাষাৰ মাধ্যম সম্পৰ্কে আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ অস্তিত্ব ৰক্ষাত দেখা দিয়া সমস্যাসমূহ তেওঁ আলোকপাত কৰে। কা আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা পদক্ষেপ আৰু বৰ্তমানেও আইনীভাৱে কৰি অহা যুঁজ সম্পৰ্কেও বক্তব্য আগবঢ়াই আৰু এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে।

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰূপজ্যোতি গোস্বামী আৰু পুলিন ভৰালী বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰা "বহ্নিমান" শীৰ্ষক স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে। অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক কংকন জ্যোতি বৰুৱাই আঁতধৰা অনুষ্ঠানত সম্পাদক মৃগাংক শেখৰ ভৰালী হাজৰিকাই আদৰণি ভাষণ আগবঢ়ায়।

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, উপ সভাপতি উৎপল শৰ্মা, সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, তথ্য সম্পাদক মৃদুল হাজৰিকা, কাৰ্য্যনিৰ্বাহ সদস্য নয়ন জ্যোতি গগৈ, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ মুক্তিয়াৰ, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া, প্ৰাক্তন সম্পাদক অমৰজ্যোতি ফুকন, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক টুটুমণি কলিতাকে প্ৰমুখ্য কৰি কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল, ৰাইজ উপস্থিত থাকে।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ বুধবাৰে পুৱা ১০ বজাত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই মূল তোৰণ উন্মোচন কৰাৰ পাছতেই কাৰ্য্যালয় আৰু অতিথিশালা উদ্বোধন কৰে। ১০.৩০ বজাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই মূল পতাকা উত্তোলন কৰাৰ লগতে নগাঁও জিলাৰ অন্তৰ্গত মহকুমা আৰু আঞ্চলিকৰ সভাপতি সকলে অধিৱেশনৰ চতুৰ্বিংশতিতম্ সংখ্যক পতাকা উত্তোলন কৰে আৰু শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত, শ্বহীদ চুচেন গগৈ, শ্বহীদ গজেন হাজৰিকা, শ্বহীদ চাৰু শইকীয়াৰ পৰিয়ালবৰ্গই শ্বহীদ তৰ্পণেৰে স্মৰণ কৰে।

অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা, শিল্পী পেঞ্চনাৰ ভাবি শইকীয়া, নৰেন্দ্ৰ নাথ হাজৰিকা আৰু টংকেশ্বৰ বৰাকে প্ৰমূখ্য বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। ১১.৩০ বজাৰ পৰা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পংকজ কুমাৰ বৰুৱা আৰু বিশ্বনাথ চাৰিআলিৰ জিলা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ গ্ৰন্থাগাৰিক সিদ্ধাৰ্থ বাৎস্যৰ পৰিচালনাত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

প্ৰতিযোগিতাখনি উদ্বোধন কৰে প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ হাজৰিকাই। উক্ত প্ৰতিযোগিতাত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটে প্ৰথম স্থান , জখলাবন্ধাৰ আয়ুস পাব্লিক স্কুলে দ্বিতীয় স্থান আৰু জখলাবন্ধাৰ বাঘজানস্থিত বিমলা একাডেমীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। বিয়লি ২ বজাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহকৰ পিছতেই অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি উৎপল শৰ্মাই উদ্বোধন কৰে।

সন্ধিয়া ৫ বজাত অসমৰ ভাষা, মাধ্যম, খাদ্য আৰু অস্তিত্ব ৰক্ষা আন্দোলনৰ জাতীয় শ্বহীদ সকলৰ সোঁৱৰণত ৮৬৯ গছি বন্তি প্ৰজ্বলন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহ: সাধাৰণ সম্পাদক অভিনন্দন গোস্বামীয়ে মুখ্য প্ৰজ্বলক ৰূপে উপস্থিত থাকে আৰু কলিয়াবৰ জাতীয় আন্দোলনৰ শ্বহীদ পৰিয়াল, কলিয়াবৰৰ বৰেণ্য ব্যক্তি আৰু ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থসকল অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে। বৃহস্পতিবাৰে পুৱা ১০ বজাত সাংস্কৃতিক অভিবাদন, মুকলি সভা, সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ সফল সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in