হাড়ৰ জটিল ৰোগত ৰোগত আক্ৰান্ত সাংবাদিক জয়ন্ত কুমাৰ ভূঞা, প্ৰয়োজন সহায়ৰ...

দৰিদ্ৰতাই কোঙা কৰা এটি বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ মাজেৰে বাট বুলি আহি আজি হাড়ৰ জটিল ৰোগত ৰোগাক্ৰান্ত হৈ শয্যাশায়ী হ’ব লগা হৈছে জয়ন্ত কুমাৰ ভূঞা।

author-image
Asomiya Pratidin
New Update
হাড়ৰ জটিল ৰোগত ৰোগত  আক্ৰান্ত সাংবাদিক জয়ন্ত কুমাৰ ভূঞা, প্ৰয়োজন সহায়ৰ...

ডিজিটেল সংবাদ,নগাঁও : দৰিদ্ৰতাই কোঙা কৰা এটি বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ মাজেৰে বাট বুলি আহি আজি হাড়ৰ জটিল ৰোগত ৰোগাক্ৰান্ত হৈ শয্যাশায়ী হ’ব লগা হৈছে জয়ন্ত কুমাৰ ভূঞা। নগাঁও পুৰণিগুদাম পাঠকৰচুক নিবাসী জেষ্ঠ সাংবাদিক তথা পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰাক্তন বিষয়ববীয়া জয়ন্ত কুমাৰ ভূঞা ৷ চিকিৎসা কৰিবলৈ কেইটামান টকাৰ অভাৱত হাঁহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে সাংবাদিক গৰাকীৰ ৷

Advertisment

ফুটবল খেলুৱৈ তথা খেল সংগঠক হিচাপে জীৱনৰ পাতনি মেলা ভূঞাই পাছলৈ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত সংবাদ সেৱা কৰাৰ লগতে সাহিত্য-সংস্কৃতিৰে সমাজ সেৱা আগবঢ়াইছিল । কিন্তু হাড়ৰ জটিল ৰোগত ৰোগাক্ৰান্ত হৈ বিগত এটা বছৰে হৈ আছে শয্যাশয়ী ৷ যাৰ বাবে সৃষ্টি হৈছে অৰ্থ সংকটৰ ৷

শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল এটি ভায়েক আৰু পত্নীৰ সৈতে সৰু দুখীয়া পৰিয়ালটোৰ একমাত্ৰ চালিকা শক্তি সাংবাদিক জয়ন্ত কুমাৰ ভূঞাৰ চিকিৎসা ব্যয়ৰ বাবে এতিয়া প্ৰয়োজন হৈছে সুহৃদ জনৰ সহায় সহযোগিতাৰ ৷ উন্নত চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন ৷

যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ অৰ্থ সাহাৰ্য্যৰ বাবে জনাইছে কাতৰ আহ্বান ৷ কোনো সদাশয় ৰাইজে সাংবাদিক গৰাকীক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে 7099504693 নম্বৰত যোগাযোগ কৰিব পাৰিব লগতে আৰ্থিক ভাৱে সহায় কৰিবলৈ তেওঁৰ পত্নী অনিতা ভূঞাৰ নামত চামগুৰি ষ্টেট বেংকৰ একাউণ্ট নং 37904324493 (IFS --SBIN0002119)ত জমা দিব পাৰিব বুলি জনাইছে পৰিয়ালৰ লোকে ৷

ইফালে জেষ্ঠ সাংবাদিক তথা জটিল ৰোগত আক্ৰান্ত হোৱা জয়ন্ত ভূঞাৰ গৃহত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তাৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত হৈ কিছু পৰিমাণৰ আৰ্থিক সাহাৰ্য আগবঢ়ায়।লগতে অনিল শইকীয়াই কয় যে জয়ন্ত ভূঞা এজন সাংবাদিকেই নহয় এটা অনুষ্ঠান।এইজন ব্যক্তি পুৰণিগুদামৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ।এনে এজন ব্যক্তিৰ জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ সহায় আশীৰ্বাদ কামনা কৰে ।

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকীয়ে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰাক্তন বিষয়ববীয়া জয়ন্ত ভূঞাৰ উন্নত চিকিৎসাৰ বাবে মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷

আৰু পঢ়ক: নগাঁৱত দুই মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক

assam nagaon