নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন...

তাপস কুমাৰ প্ৰামাণিক, হেমেন মেধিলৈ সন্মানীয় ডক্টৰেট আৰু অজিত বৰা, সুবোধ দাস, ৰচয়িতা দাসলৈ এছিয়ান শান্তি বঁটা
nagaon
nagaon

ডিজিটেল সংবাদ, বেবেজীয়া : সমগ্ৰ বিশ্বৰ লগতে নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস পালন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি নিভা কুমাৰী বৰাই ৷ ১০ বজাত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে দিনযোৰা এক বৰ্ণাঢ্য চেমিনাৰ, বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সংস্থাৰ সভাপতি আৰু সম্পাদক প্ৰধান যথাক্ৰমে ড° অবিনাশ ধণঞ্জয় সুকুন্দে আৰু ড° হৰেশ্বৰ শইকীয়া উপস্থিত থাকি মানৱ অধিকাৰৰ বিভিন্ন দিশ আৰু ৰাষ্ট্ৰ সংঘৰ স্বীকৃত সংস্থা হিচাপে আন্তৰ্জাতিক মানৱ অধিকাৰ ৰাষ্ট্ৰদূত সংস্থাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কৰ্মসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই ভাষণ প্ৰদান কৰে ৷

অনুষ্ঠানত ব্ৰাজিলৰ আই.টি.এম.ইউ.টি. আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট যথাক্ৰমে ভাৰত চৰকাৰৰ অধিনস্থ নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ অৱসৰ প্ৰাপ্ত উপ- সঞ্চালক তাপস কুমাৰ প্ৰামাণিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ বিষয়া হেমেন মেধীলৈ প্ৰদান কৰা হয় ৷

এছিয়াৰ সৰ্ববৃহৎ শান্তি বঁটা সত্ৰীয়া সংস্কৃতিৰ সাধক অজিত বৰা, বিশিষ্ট সমাজ সংগঠক সুবোধ দাস আৰু চিত্ৰ ভাস্কৰ্য শিল্পী ৰচয়িতা দাসলৈ আগবঢ়োৱা হয় ৷ শিশু শিল্পী নম্ৰতা প্ৰিয় দৰ্শিনীৰ দৃষ্টিনন্দন খোল বাদন , নীলাঞ্জনা বেজবৰুৱা আৰু পিঙ্গালিকা বৰাৰ ৰাধাকৃষ্ণ যুগল নৃত্য , যোগ খেলুৱৈ যুস্মিতা শইকীয়াৰ আৰ্টিষ্টিক যোগ নৃত্য, দ্ৰণাচাৰ্য্য দ্যা ৰিডম অব আৰ্টৰ মনোমোহা ভোৰতাল নৃত্য আৰু শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ আকৰ্ষণীয় ভোৰতাল আৰু বিহু নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে ৷

সংস্থাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ধনঞ্জয় তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত দিনযোৰা কাৰ্য্যসূচীত এছিয়ান বুকছ অফ ৰেকডচৰ অন্তভুক্তিকাৰী আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ে পৰিৱেশন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে শীৰ্ষক কোৰাজেৰে আৰম্ভ হোৱা অনুষ্ঠান ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰে ৷

উক্ত অনুষ্ঠানত সংস্থাৰ উত্তৰ-পূৱৰ সভাপতি বন্দনা ৱাৰি হাজৰিকা , অসমৰ সভাপতি আৰু সম্পাদক যথাক্ৰমে নিভা কুমাৰী বৰা আৰু ৰাজীব দাস , নগাঁও জিলাৰ সভাপতি হিমাদ্ৰী বৰাৰ লগতে ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in