৮৮ বছৰীয়া বৃদ্ধাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন...

chirang
chirang

ডিজিটেল সংবাদ, চিৰাং : শনিবাৰে চিৰাং জিলাৰ বাসুগাঁও চহৰত দিন দুপৰতে এক লুন্ঠনৰ ঘটনা সংঘটিত হয়। এগৰাকী ৮৮ বছৰীয়া বৃদ্ধাৰ ডিঙিৰ পৰা প্ৰায় এক তোলা ওজনৰ সোণৰ চেইন দুৰ্বৃত্তই ছিঙি লৈ যোৱা ঘটনাই বাসুগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত খবৰ অনুসৰি বাসুগাঁও চহৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰয়াত হেম চন্দ্ৰ ৰায়ৰ সহধৰ্মিনী ৰেখা ৰাণী ৰায়ে (৮৮) দুপৰীয়া ১ বজাত বাসগৃহৰ সন্মুখত ৰ'দত বহি থকাৰ সময়তে এজন অচিনাক্ত যুৱক ওচৰ চাপি আহি ডিঙিত কিবা বিছা জাতীয় কিবা উঠিছে বুলি কৈ সোণৰ চেইন ডাল চিঙি লৈ যায়। বৃদ্ধা মহিলাগৰাকীয়ে ঘৰৰ মানুহক মাত দিয়াত অচিনাক্ত দুৰ্বৃত্তজনে ৰে'লপথৰ দিশে দৌৰ মাৰি পলায়ন কৰে।

পৰৱৰ্তী সময়ত ঘৰৰ অইন সদস্য সকল ওলাই আহে যদিও সোণৰ চেইন কাঢ়ি লৈ যোৱা দুৰ্বৃত্তৰ জনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ইপিনে বয়সৰ কাৰণে ভালকৈ চকুৰে নেদেখাৰ বাবে দুৰ্বৃত্ত জনৰ সঠিক বৰ্ণনা দিব পৰা নাই বৃদ্ধা গৰাকীয়ে। চলিত বৰ্ষত এনেধৰণৰ সোণৰ অলংকাৰ লুন্ঠন কৰাৰ কেইবাটাও ঘটনা বাসুগাঁও চহৰত সংঘটিত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in