নগাঁৱত স্বেচ্ছাসেৱী সংগঠনৰ চকু পৰীক্ষাৰ নামত দৰিদ্ৰ লোকক লুন্ঠন…

নগাঁৱত স্বেচ্ছাসেৱী সংগঠনৰ চকু পৰীক্ষাৰ নামত দৰিদ্ৰ লোকক লুন্ঠন…

ডিজিটেল সংবাদ,  বেবেজীয়া : নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত "দ্যা মিছন হেল্থ কেয়াৰ ছ'ছাইটি" নামৰ স্বেচ্ছাসেৱী সংগঠনে চকু পৰীক্ষাৰ নামত দৰিদ্ৰ লোকক লুন্ঠন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। এই স্বেচ্ছাসেৱী সংগঠনটোৱে গাঁৱৰ দৰিদ্ৰ তথা অজ্ঞতাৰ সুযোগ-সুবিধা গ্ৰহণ কৰি চিকিৎসক অবিহনে চকু পৰীক্ষা কৰা আৰু চ'চমা প্ৰদান কৰি লাখ লাখ টকা লুন্ঠন চলোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি – দ্যা মিছন হেল্থ কেয়াৰ ছ'ছাইটি (আৰ এছ/কে এ এম/২৪০/এছ/৪০৫ অৱ ০৩ , বামুনীমৈদাম, গুৱাহাটী-২১) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এইদৰে ৰাইজক আভুৱা ভাৰি চকু পৰীক্ষা কৰাৰ তথ্য পোহৰলৈ আহিছে। তাৎপৰ্যপূৰ্ণ কথা যে- এই স্বেচ্ছাসেৱী সংগঠনটোৱে নিজৰ পছন্দৰ গাঁৱত চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ লগতে নিৰ্দিষ্ট দিনটোৰ আগদিনা সংগঠনটোৰ কেইজনমান লোকে গাঁৱৰ লোকসকলক চকু পৰীক্ষা কৰাৰ বাবে ৩০ টকা পঞ্জীয়ন মাছুল আৰু ৩০০ টকা পৰীক্ষাৰ নামত সংগ্ৰহ কৰে।

একোটা শিবিৰত প্ৰায় ৩০০/৩৫০ গৰাকী লোকে চকু পৰীক্ষা কৰাৰ বাবদ হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি আহিছে। কিন্তু চকু পৰীক্ষা কৰাৰ বাবে তেওঁলোকে চিকিৎসকৰ নাম সম্বলিত একোখনকৈ কাৰ্ড ৰোগী সকলক প্ৰদান কৰে। উক্ত কাৰ্ডখনত নাম থকা চিকিৎসক সকল হ'ল ক্ৰমে – ডা: সত্যগোপাল নাথ, ডা: ডি চি. তহবিলদাৰ আৰু ডা: আৰ. নাথ। তদুপৰি স্বেচ্ছাসেৱী সংগঠনটোৰ সাধাৰণ সম্পাদক তথা মিছন হেড হিচাপে আছে পুৰন্দৰ বৰা।

উল্লেখ্য যে ডা: সত্যগোপাল নাথ নামৰ চিকিৎসকজন তেওঁৰ উক্ত স্বেচ্ছাসেৱী সংগঠনটোৰ লগত কোনো কালে জৰিত নহয় আৰু তেওঁৰ নামটো ভুৱা কৈ প্ৰচাৰ চলাই ৰাইজক আভুৱা ভাৰি আহিছে বুলি আৰক্ষীৰ আগত জানিবলৈ দিয়ে। ইয়াৰোপৰি কাৰ্ড খনত থকা ডা: আৰ নাথ নামৰ লোকজন চিকিৎসক নহয়,  তেওঁ এগৰাকী অপ্টমেট্ৰিষ্ট হিচাপে নগাঁও জিলাত কৰ্মৰত। তেওঁ "ডা:" বুলি নামৰ আগত অবৈধ ভাৱে লিখিছে বুলিহে আৰক্ষীৰ তদন্তত ওলাইছে।

প্ৰকৃততে তেওঁৰ নাম ৰূপানন্দ নাথ। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯, ৪০৬, ৪০২, ৩৮৪ আৰু ৩৪ ৰ অধীনত গোচৰ নং- ৮৮৮/২২ মৰ্মে আৰক্ষীয়ে তদন্ত চলাই আছে। আশ্চৰ্যকৰ কথা যে- এই স্বেচ্ছাসেৱী সংগঠনটোৱে যোৱা ৫ জুনত নগাঁও চহৰৰ সমীপবৰ্তী দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইবা শতাধিক লোকক চকু পৰীক্ষা কৰাৰ নামত বৃহৎ পৰিমাণৰ ধন লুণ্ঠন চলোৱাৰ পাছত বিষয়টো ডা: সত্যগোপাল নাথৰ দৃষ্টি গোচৰ হোৱাত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।

আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে কালি নগাঁও চহৰৰ গাতে লাগি থকা বেবেজীয়াৰ ওচৰৰ জামুগুৰিত আন এটা চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। তাতো ডা: সত্যগোপাল নাথৰ নাম প্ৰচাৰ কৰাৰ লগতে মাছুমা খানম নামৰ এগৰাকী অপ্টমেট্ৰিষ্টকে চিকিৎসক বুলি প্ৰচাৰ চলাইছিল। কিন্তু বিষয়টো পোহৰলৈ অহাত অতি ততাতৈয়াকৈ ডা: সত্যগোপাল নাথৰ নামটো কাটি দি ভুৱা কৈ চকু পৰীক্ষা কাৰ্য সম্পাদন কৰে। এই সন্দৰ্ভত নগাঁৱৰ একাংশ সাংবাদিকৰ দৃষ্টি গোচৰ হোৱাত সাংবাদিক সকল ঘটনা স্থলীত উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থান এৰি সংগঠনটোৰ একাংশ কৰ্মকৰ্তাই পলায়ন কৰে।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ লগতে প্ৰশাসনৰ চকুত ধূলি দি এনেদৰে এটা ভুৱা স্বেচ্ছাসেৱী সংগঠনে কেনেকৈ সাহস গোটালে। মানুহৰ চকু দৰে এটা গুৰুত্বপূৰ্ণ অংগক লৈ ল'ৰা ধেমালিৰ খেলা লোকসকলে চকু চিকিৎসাৰ নামত লিভছিন খাবলৈ পৰামৰ্শ প্ৰদান কৰাৰ আঁৰতো আন এক ৰহস্যৰ সৃষ্টি হৈছে। এতিয়া নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই ভুৱা স্বেচ্ছাসেৱী সংগঠন সমূহৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা গ্ৰহণ কৰে ই লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in