কপিলীৰ বানত বিধ্বস্ত নগাঁৱৰ ৩৯ খনকৈ গাওঁ…

কপিলীৰ বানত বিধ্বস্ত নগাঁৱৰ ৩৯ খনকৈ গাওঁ…

author-image
asomiyapratidin
New Update
কপিলীৰ বানত বিধ্বস্ত  নগাঁৱৰ ৩৯ খনকৈ গাওঁ…

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাত বৰপানীৰ পিছত কালৰূপ ধাৰন কৰিছে কপিলীয়ে ৷ জিলাখনৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰত কপিলীৰ বানে হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ দুয়োটা চক্ৰৰ ৩৯ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে ৷ জিলাখনত সৃষ্টি হোৱা প্ৰথমটো বানত ৰহাৰ চাইবুকত এটা বান্ধ চিগিছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চাইবুকত নিৰ্মাণ কৰা বান্ধটো কপিলীৰ পানীয়ে ভাঙি পেলোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷

Advertisment

বানৰ লগতে ৰহা আৰু কামপুৰত খহনীয়াৰো সৃষ্টি হৈছে ৷ শনিবাৰৰ বিয়লিৰ পৰা ভলভলিয়া গাঁৱত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে ৷ পিপৰা গাঁও , পূব পিপৰা গাঁও , বগলাজানটো , বাহেকাবাৰীত সৃষ্টি হৈছে খহনীয়া ৷ গোসাইগাঁও লোকনিৰ্মান বিভাগৰ পথ , কামপুৰ-যমুনামূখ , কামপুৰ-চাংচকি লোকনিৰ্মান বিভাগৰ পথৰ ক্ষতি সাধন কৰিছে বানে ৷ কামপুৰৰ চাইবুক গাঁও পুথিভড়ালত জিলা প্ৰশাসনে এটি আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিত মথাউৰি ভগাৰ পিছত নগাঁও জলসম্পদৰ বিষয়া পিংকু মজুমদাৰৰ নেতৃত্বত আৰু লোকনিৰ্মান বিভাগৰ বিষয়া গোবিন সিঙে বান প্ৰতিৰোধৰ বাবে শনিবাৰৰ নিশাৰ পৰা কাম কৰি আছে ৷ জিলা উপায়ুক্ত নিসৰ্গ হিবৰে , জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ , চক্ৰ বিষয়া সুজাতা গগৈ , ডি ডি এম এৰ বিষয়া বিজয়ন্ত গোস্বামীয়ে বান আক্ৰান্ত এলেকাত উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰিছে ৷ ইফালে প্ৰয়োজনীয় সাহাৰ্য অভিযানৰ বাবে নগাঁও জিলা প্ৰশাসনে এছ ডি আৰ এফৰ দলক সাজু কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক: ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া, নিঃচিহ্ন হোৱাৰ পথত বৈঠাপুতা সত্ৰৰ লগতে ঐতিহাসিক বাঘেশ্বৰী মন্দিৰ

assam flood nagaon