ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া, নিঃচিহ্ন হোৱাৰ পথত বৈঠাপুতা সত্ৰৰ লগতে ঐতিহাসিক বাঘেশ্বৰী মন্দিৰ

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া, নিঃচিহ্ন হোৱাৰ পথত বৈঠাপুতা সত্ৰৰ লগতে ঐতিহাসিক বাঘেশ্বৰী মন্দিৰ

ডিজিটেল সংবাদ , বৰপেটা :- বৰপেটা জিলাৰ বাঘবৰত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল গৰাখহনীয়াত পৰি প্ৰায় নিঃচিহ্ন হোৱাৰ পথত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰ , আৰু ৰজা দিনীয়া ঐতিহাসিক বাঘেশ্বৰী মন্দিৰৰ লগতে বাঘবৰ গাঁও সম্পুৰ্ণ ৰূপে জাহ যোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷

গৰাখহনীয়াৰ কবলত পৰি নিজৰ ঘৰবাৰী , ভূ সম্পত্তি নৈৰ বুকুত জাঁহ যাবলৈ এৰি দি গাঁও এৰি অন্য ঠাইলৈ যাত্ৰা কৰিছে কেবাটাও পৰিয়াল ৷ উল্লেখ্য যে , বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘবৰ গাঁৱত ব্ৰহ্মপুত্ৰ নদীয়ে সত্তৰ দশকত আৰম্ভ কৰিছিল খহনীয়া ৷

প্ৰায় ৪৫ বছৰ পূৰ্বে আৰম্ভ হোৱা এই খহনীয়াই সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ চাৰি দশকৰো অধিক সময় ধৰি চলি থকা খহনীয়াই গাঁও খনৰ বৃহৎ পৰিমাণৰ কৃষি ভূমি আৰু বহু খিলঞ্জীয়া পৰিয়ালৰ ঘৰ বাৰী উচন কৰি পেলাইছে ৷ খহনীয়াই বাঘবৰ গাঁৱত অৱস্থিত ঐতিহাসিক সত্ৰ বৈঠাপুতা সত্ৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক সত্ৰখনৰ পৰা মাত্ৰ কিছু মিটাৰ আতৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নৈ ৷

আনহাতে কছাৰী ৰজা আৰিমত্তৰ স্মৃতি বিজড়িত তথা প্ৰায় ৬ শ বছৰ পুৰণি বাঘেশ্বৰী মন্দিৰলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ নদীয়ে ৷ মন্দিৰটোৰ পৰা মাত্ৰ দুশ মিটাৰ আতৰত অৱস্থান কৰিছে ব্ৰহ্মপুত্ৰ নদী ৷ উল্লেখ্য যে , ৭০ দশকত গাঁওখনত ২০০ টা খিলঞ্জীয়া পৰিয়ালে গাঁওখনত বাস কৰিছিল ৷ কিন্তু এতিয়া গাঁওখনত মাত্ৰ ৩৫ ঘৰ মানুহহে বাকী ৰৈছেগৈ ৷ গাঁওখনৰ স্থানীয় ৰাইজে আজি এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে , খহনীয়াত ভেটি মাটি হেৰুৱাই বহু পৰিয়াল ইতিমধ্যে গাঁও এৰি গুছি গৈছে ৷

ৰাইজে জনোৱা অনুসৰি , পাঁচ বছৰ পুৰ্বে গাঁওখনত প্ৰায় ৫৫ ঘৰ খিলঞ্জীয়া অসমীয়া পৰিয়াল আছিল যদিও পাঁচ বছৰৰ ভিতৰত ২০ টা পৰিয়াল গাঁও এৰি গুছি যাবলৈ বাধ্য হৈছে ৷ আনহাতে , গাঁওখনত ৬ ঘৰ বড়ো সম্প্ৰদায়ৰ পৰিয়াল বাস আছে যদিও , এইলোকসকলো নিৰাপদ স্থানলৈ যোৱাৰ বাবে যো-জা চলাই আহিছে ৷ ৰাইজে জনোৱা মতে , আৰ্থিকভাৱে স্বচ্চল লোকসকলে গাঁওখনৰ পৰা গুছি গ'লেও দুখীয়া লোকসকলে গাঁওখনতে খহনীয়াৰ আশংকাত দিন পাৰ কৰিছে ৷

ইপিনে , গাঁৱখনৰ একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে , বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি এখন গাঁও নি:শেষ কৰিবলৈ ওলোৱাৰ পিচতো চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ এখন ঐতিহাসিক সত্ৰ আৰু এটা ঐতিহাসিক মন্দিৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ পিচতো চৰকাৰ অথবা প্ৰশাসনে কোনোধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

স্থানীয়লোকে জনোৱা অনুসৰি , প্ৰায় ৬ মাহ পুৰ্বে বৰপেটা জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে ২ কোটি টকীয়া এখন আঁচনি গ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও আজিও আঁচনিখন গ্ৰহণ কৰা হৈ নুঠিল ৷ বাঘবৰৰ গৰা খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সম্প্ৰতি বৰপেটা জিলা প্ৰশাসনে নিৰ্বিকাৰ ভূমিকা পালন কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in