/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f7109ac2-e54e-4658-b2ba-61387b5c0787/djtkuy.jpg)
nagaon
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত ঔষধ বিক্ৰেতাৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷ নগাঁও সদৰ থানাৰ কিছু নিলগতে সোমবাৰে নিশা সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হোৱাৰ লগতে সোধপোচৰ বাবে দুজন এম আৰক থানালৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰে ৷
হিমালয়া ঔষধ কোম্পানীৰ দুটি এম আৰৰ দলৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় নগাঁও চহৰৰ থানা ৰোডত ৷ যোৰহাটৰ পৰা ঔষধ বিক্ৰীৰ বাবে অহা সীমান্ত শইকীয়াক থানা ৰোডত একেটা কোম্পানীৰে পলাশ বৰাই বাধা প্ৰদান কৰে ৷ এই ঘটনাৰ পিছত দুয়োজন এম আৰৰ পক্ষত দুটিকৈ এম আৰৰ দল থিয় হয় ৷
পিছত দুয়োটা দলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ মাৰপিটত সীমান্ত শইকীয়াই মুখত আঘাত পায় ৷ লগতে পলাশ বৰাই হাতত আঘাত পায় ৷ এই মাৰপিটৰ ঘটনাৰ ফলত থানা ৰোডত যান-জঁটৰ সৃষ্টি হয় ৷ অভিযোগ মতে যোৰহাটৰ সীমান্ত শইকীয়াই এ এছ ০৩ জেদ ০৪৩৩ নম্বৰৰ এখন গাড়ী লৈ ঔষধ বিক্ৰী কৰিবলৈ আহিছিল ৷ বৰদোৱাৰ পলাশ বৰাৰ মতে এম আৰ সীমান্ত শইকীয়াৰ নগাঁৱত ঔষধ বিক্ৰীৰ কৰ্তৃত্ব নাই ৷ এই লৈ দুয়োৰে মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় ৷
উল্লেখ্য যে এম আৰৰ মাজত ৰাজপথত লগা এই মাৰপিটৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰ্তমান জীৱন দায়িনী ঔষধ ব্যৱসায় অতি লাভজনক ব্যৱসায়লৈ পৰ্যবেক্ষিত হৈ পৰিছে ৷ অত্যাধিক লাভৰ বাবে এম আৰৰ মাজত এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হয় ৷
আৰু পঢ়ক : যোৰহাট হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ : বৰ্বৰ আক্ৰমণৰ বলি হৈছিল অনিমেষ...