/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d8cb4132-56ea-4a69-a153-1a7c79124521/gfdfbh.jpg)
jorhat
ডিজিটেল ডেস্ক : ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ ১ টা বছৰ সম্পূৰ্ণ। যোৰহাট চহৰৰ মাজমজিয়াত ২০২১ চনৰ ২৯ নৱেম্বৰৰ দিনা গণপ্ৰহাৰত মৃত্যু হৈছিল অনিমেষ ভূঞা নামৰ এজন যুৱকৰ। মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটিছিল দেৰগাঁৱৰ আছু নেতা অনিমেষ ভূঞাই।
সেই গণপ্ৰহাৰ কাণ্ডৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ল। চৰকাৰ, বিভিন্ন দল-সংগঠন তথা পৰিয়ালৰ দাবীত ক'লা ল'ৰা খ্যাত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। লগতে কেইবাজনো লোকক সেই হত্যাকণ্ডৰ সৈতে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল। ঘটনাৰ উচিত তদন্ত নকৰাকৈয়ে ক'লা ল'ৰাক আৰক্ষীয়ে এনকাউন্টাৰ কৰিছিল।
মৃত্যু হ'ল ক'লা ল'ৰাৰ। আন অভিযুক্ত কেইজনক দোষমুক্ত ঘোষণা কৰি আৰক্ষীয়ে মুকলি কৰি দিলে। চৰকাৰে ৫ লাখ টকাৰ চেক প্ৰদান কৰি দায়িত্ব সামৰিলে। এটা বছৰে কোনো ন্যায় নাপালে পৰিয়ালটোৱে। আজিও মাতৃৰ চকুত চকুপানী।
অনিমেষৰ হত্যাকাৰী আজি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। অনিমেষৰ ভাতৃক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়া আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল।
আৰু পঢ়ক : যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন...