/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/af6c9b33-3dbc-4e41-9912-e45e69bae587/dvgs.jpg)
nagaon
ডিজিটেল সংবাদ, নগাঁও : অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্নীতি নিবাৰক সংস্থাৰ ল’গ’ ব্যৱহাৰ কৰাৰ ঘটনাৰে জড়িত দুজন লোকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা লোক দুজনৰ নাম হৈছে জামালুদ্দিন খান আৰু প্ৰিঞ্চ খান ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামালউদ্দিন আৰু প্ৰিঞ্চ দুয়ো পিতা-পুত্ৰ ৷ দুয়োজনে নিজা বাহনত অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দুৰ্নীতি নিবাৰক সংস্থাৰ ল’গ’ লগাই বিভিন্ন আইন বিৰোধ কাম কৰি অহাৰ অভিযোগ উঠিছিল ৷
নগাঁও চহৰৰ আজাদ নগৰত ভাড়া ঘৰত থাকি পিতা-পুত্ৰই আইন বিৰোধ কাম কৰি অহা বুলি স্থানীয় লোকে নগাঁও সদৰ থানাৰ আৰক্ষীক অভিযোগ দিয়াৰ পিছত আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে ৷ লগতে জব্দ কৰিছে এ এছ ০২ ৱাই ৩৬৩৫ নম্বৰৰ গাড়ী আৰু অসম আৰক্ষীৰ চিম্বল থকা পৰিচয় পত্ৰ ৷
আৰু পঢ়ক : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন...