/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/85bc4fe5-26cf-450f-99a9-89fd43d60654/fsda.jpg)
AJYCP
ডিজিটেল সংবাদ, মৰিয়নি ঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখন মৰিয়নিৰ পুতুল বিৱাহ ভৱনত এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। পুৱা পৰিষদৰ পতাকা উত্তোলনৰ পিছত অনুষ্ঠিত হয় প্ৰতিনিধি সভা।
প্ৰতিনিধি সভাৰ অন্তত পূৰ্বৰ আঞ্চলিক সমিতিখন ভংগ কৰি প্ৰিংয়াশু বৰুৱাক সভাপতি, জিৎ দুৱাৰাক সম্পাদক তথা ৰঞ্জিত গগৈ আৰু প্ৰভাকৰ চুতীয়াক উপসভাপতি, অংকুৰ কোঁৱৰ, অংশুমান গগৈক যুতীয়া সম্পাদক হিচাপে লৈ পঞ্চাছ জনীয়া সদস্যৰে নতুনকৈ মৰিয়নি আঞ্চলিক সমিতিখন গঠন কৰা হয়।
আনহাতে প্ৰতিনিধি সভাত উপস্থিত থাকে যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবু দত্ত আৰু সাংগঠনিক সম্পাদক দুৰ্লভ বৰা লগতে যুৱ ছাত্ৰৰ মৰিয়নী আঞ্চলিকৰ এসময়ৰ শক্তিশালী নেতা অনুপ ফুকন উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
আৰু পঢ়ক : ইণ্ডোনেছিয়াৰ ভয়ংকৰ ভূমিকম্পৰ ঘটনা : মৃতকৰ সংখ্যা ১৬২ লৈ বৃদ্ধি...