তিনিদিন ধৰি কাৰ্যালয়ত নাই চৰকাৰী কাৰ্যবাহী অভিযন্তাক, পাছত সন্ধান ওলাল...

নগাঁৱৰ এটা চৰকাৰী কাৰ্যালয়ত লাগিছে হাহাকাৰ ৷ নাই বুলি তিনিদিন নাই এজন চৰকাৰী বিষয়া ৷
তিনিদিন ধৰি কাৰ্যালয়ত নাই চৰকাৰী কাৰ্যবাহী অভিযন্তাক, পাছত সন্ধান ওলাল...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ এটা চৰকাৰী কাৰ্যালয়ত লাগিছে হাহাকাৰ ৷ নাই বুলি তিনিদিন নাই এজন চৰকাৰী বিষয়া ৷ বিষয়াজন নোহোৱা হোৱাত বিভাগটোত লাগে হাহাকাৰ ৷

ৰাজপত্ৰিত বিষয়াজন নোহোৱা হোৱাত চৰকাৰী কাৰ্যালয়টোৰ কৰ্মচাৰী সকলে বিচাৰ খোচাৰ আৰম্ভ কৰিলে ৷ কোনোৰ মতে তিনিদিন কাৰ্যালয়লৈ অহা নাই ৷ কোনোৰ মতে শুক্ৰবাৰেহে দেখা নাই ৷

বিষয়াজন হঠাৎ নোহোৱা হোৱাত খবৰটো পৰিলগৈ সাংবাদিকৰ কানত ৷ সাংবাদিকৰ দল এটাই তিনিদিনে নাইকীয়া হোৱা বিষয়াজনৰ সন্ধান আৰম্ভ কৰিলে ৷ সন্ধান চলাই বিষয়াজনৰ লগত থকা চতুৰ্থ বৰ্গ কৰ্মচাৰী জনক সাক্ষাৎ কৰিলে ৷

তিনিদিনে কাৰ্যালয়ত উপস্থিত চাৰৰ সন্ধান দিলে চতুৰ্থ বৰ্গ কৰ্মচাৰী জনে ৷ চাৰক তিনিদিনে খাবলৈ ভাত দিছে ৷ চাৰে ভাত খোৱা নাই ৷ ৰুটি বনাই দিছে ৰুটিও খোৱা নাই ৷ একো নোখোৱাকৈ আছে চাৰে ৷ মাত্ৰ মদেই খাই আছে ৷ চাৰৰ বাইদেউক কৈছো- মই এনেকৈ নোৱাৰিম ৷ কৰ্মচাৰী জনৰ অকপট স্বোকাৰোক্তি চাৰক আপেল কাটি দিছো ৷ আপেলহে খাই আছে চাৰে ৷ ঠিকাদাৰে আনি দিছে সেয়াই খাই আছে ৷

হয় ৰাজ্যৰ জলসিঞ্চন বিভাগৰ এজন কাৰ্যবাহী অভিযন্তাৰ কাণ্ড এয়া ৷ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনক বিগত তিনিদিনে নেদেখি হাহাকাৰ লাগিছিল সংমণ্ডলৰ কৰ্মচাৰীৰ মাজত ৷ পিছত চতুৰ্থ বৰ্গ কৰ্মচাৰী জনে সাংবাদিকক প্ৰত্যক্ষ কৰোৱাই কাৰ্যবাহী অভিযন্তাজনক ৷

বিষয়াজন তেতিয়া বিচনাত ৷ পৰিদৰ্শন ভৱনৰ কোঠাত চাৰ তিনিদিন সোমাই আছে ৷ সাংবাদিকক কাৰ্যবাহী বিষয়াজনে ক’লে তিনিদিন কাৰ্যালয়লৈ যোৱা নাই ৷ গাটো বেয়া ৷

পূৰ্বতেও এই বিষয়াজনৰ বিৰুদ্ধে উঠিছিল একে অভিযোগ ৷ নোহোৱা হৈছিল বিষয়াজন ৷ পিছত একেদৰে পৰিদৰ্শন ভৱনৰ কোঠাতে বিষয়াজনক বিচাৰি পাইছিল বিভাগৰ কৰ্মচাৰী সকলে ৷

প্ৰশ্ন হৈছে কৃষিৰ লগত জৰিত জলসিঞ্চন বিভাগটোৰ কাৰ্যবাহী অভিযন্তাজনৰ এনে কৰ্মকাণ্ডক লৈ চিন্তাত পৰিছে বিভাগটোৰে কৰ্মচাৰী সকল ৷ নগাঁও সদৰ সমষ্টি আৰু বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন কৃষি ভূমি খৰাঙৰ বাবে উদঙ হৈ থকাৰ পিছত বিভাগটোৰ মুখ্য বিষয়াজনে কৰা এনে কৰ্মকাণ্ড উদ্বেগৰ বিষয় ৷ ৰাজনৈতিক আৰ্শীবাদত নগাঁৱত কাৰ্যবাহী অভিযন্তা হৈ মইমতালি কৰি থকা এই বিষয়াজনক জলসম্পদৰ নগাঁও চক্ৰৰ অধীক্ষক অভিযন্তাজনে লেকাম ধৰাত ব্যৰ্থ ৷

আৰু পঢ়ক: আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন কাৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in