আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন কাৰ্য

বিটিআৰৰ বিভিন্ন জিলাৰ লগতৈ চিৰাং জিলাতো এতিয়া সৰ্বত্ৰে চলি আছে শিল বালিৰ অবৈধ মহল আৰু জেচিবি, এস্কেভেটৰ দি চলি আছে অবৈধ নদীৰ বুকুত খনন কাৰ্য ।
 আই নৈৰ বুকুত  শিল-বালিৰ অবৈধ খনন কাৰ্য

ডিজিটেল সংবাদ, চিৰাং: বিটিআৰৰ বিভিন্ন জিলাৰ লগতৈ চিৰাং জিলাতো এতিয়া সৰ্বত্ৰে চলি আছে শিল বালিৰ অবৈধ মহল আৰু জেচিবি, এস্কেভেটৰ দি চলি আছে অবৈধ নদীৰ বুকুত খনন কাৰ্য । অইন ঠাই বাদে দিয়ক স্বয়ং বিটিচি প্ৰশাসনৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বেংতলৰ বাসগৃহৰ পৰা নিচেই কাষতে আই নৈৰ বুকুত ব্যাপক হাৰত চলিছে অবৈধ খনন কাৰ্য।

চিৰাং বনবিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি একাংশ ৰাজনৈতিক দলৰ মদতপুষ্ট একাংশ লোকে চিৰাং জিলাৰ বিভিন্ন এলেকাৰ নৈ বুকুত অবৈধ খনন কাৰ্যৰে শিল-বালিৰ মহল চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল । শুকুৰবাৰে চিৰাং জিলাৰ বেংতলৰ বালাবাৰী গাঁৱত আই নৈৰ বুকুত অবৈধ খনন কাৰ্য চলোৱা শিল বালি মহল আৰম্ভ কৰা চক্ৰৰ বিৰুদ্ধে ৰাইজ মাৰবান্ধি ওলাই আহে ।

ৰাইজৰ লগত সংবাদ মাধ্যমৰ কেমেৰা দেখি আই নৈৰ বুকুত খননকাৰ্য চলাই থকা এস্কেভেটৰ লৈ পলায়নৰ চেষ্টা কৰে । পিছত স্থানীয় ৰাইজে খেদি খেদি গৈ এস্কেভেটৰ খন জব্দ কৰে ।

লক্ষ্যণীয় বিষয় যে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বেংতলৰ বাসগৃহৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগত চলি আছে আই নৈৰ বুকুত শিল বালিৰ অবৈধ খনন কাৰ্য। বালাবাৰী ৰাইজৰ অভিযোগ বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত বালাবাৰী আৰু ৰাণীসুন্দৰী গাঁৱত সীমামূৰীয়া আই নৈৰ বুকুত এটা শিল বালিৰ মাফিয়া চক্ৰই যোৱা দেৰ মাহ ধৰি অত্যাধুনিক এস্কেভেটৰ দি অবৈধ খনন কাৰ্য চলাই আছিল ।

স্থানীয় ৰাইজে উক্ত খনন কাৰ্য্যৰ বিৰুদ্ধে আপত্তি দৰ্শাই শীঘ্ৰেই বন্ধ কৰিবলৈ অনুৰোধ জনায় কিন্তু কিন্তু অবৈধ মহলৰ সৈতে জড়িত চক্ৰটোয়ে ৰাইজৰ কথাত কোনো গুৰুত্ব আৰোপ নকৰি বৃহৎ আকাৰৰ এস্কেভেট, জেচিবি লৈ খনন কাৰ্য্য অব্যাহত ৰাখে । স্থানীয় লোকৰ অভিযোগ আই নৈৰ বুকুত যদি এস্কেভেটৰ, জেচিবিৰে যদি খনন কাৰ্য্য যদি অব্যাহত থাকে তেনেহলে আগন্তুক সময়ত বালাবাৰী গাঁৱৰ কৃষি নিৰ্ভৰশীল ৰাইজৰ কৃষিভূমি আই নৈৰ গৰাখহনীয়াৰ কবলত নৈৰ বুকুত জাহ যাব, কৃষকে নিজৰ কৃষিভূমি, বাসগৃহ হেৰুৱাই এটা সময়ত সৰ্বশান্ত হ'ব ।

লগতে বালাবাৰীৰ লগতে আই নৈৰ নামনি অংশত থকা নাথুৰবাৰী, মাদাৰপুৰ, নাঙলভাঙা আদি কৰি কেইবাখনো গাওঁ আই নৈৰ গৰাখহনীয়াত পৰি নিশ্ছিন্ন হোৱাৰ পৰিৱেশ আহিব তেনেক্ষেত্ৰত আমি নৈপৰীয়া ৰাইজে কিয় এনেধৰনে নৈৰ বুকুত অবৈধ শিল-বালিৰ খনন মানি লম বুলি প্ৰশ্ন উত্থাপন কৰে ।

যাৰ কাৰণে স্থানীয় ৰাইজ আজি ওলাই আহি আই নৈৰ এই অবৈধ শিল বালিৰ খননকাৰ্য নিজাববীয়াকৈ বন্ধ কৰি দিয়ে আৰু এনেধৰনৰ ৰাইজৰ ক্ষতিসাধন কৰা আই নৈৰ এই শিল বালিৰ অবৈধ মহল বন্ধ কৰিবলৈ বিটিচি প্ৰশাসন তথা বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীলৈ আহ্বান জনায় । এই অবৈধ শিল বালিৰ খনন কাৰ্য্য জনৈক ৰঞ্জন নামৰ এজন লোকৰ নেতৃত্বত চলি থকা বুলি খননকাৰ্য চলাই থকা এস্কেভেটৰ চালক এজনে জানিবলৈ দিয়ে ।

আৰু পঢ়ক: চিৰাঙৰ ভাৰত-ভূটান সীমান্তত শিশুৰ সলনি সৰবৰাহ কৰা হৈছে মহিলা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in