হয়বৰগাঁৱৰ বিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ...

নগাঁৱৰ হয়বৰগাঁৱৰ চলচলিত চাঞ্চল্য

author-image
Asomiya Pratidin
New Update
হয়বৰগাঁৱৰ বিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ...

nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ হয়বৰগাঁৱৰ চলচলিত চাঞ্চল্য। দেওবাৰে পুৱাতেই নগাঁও চহৰৰ নিকটৱৰ্তী চলচলিত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত ব্যক্তিৰ মৃতদেহ ৷ চলচলিৰ সোণাইঘাট হাইস্কুলৰ খেলপথাৰৰ সমীপত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে হয়বৰগাঁও আৰক্ষীক ৷

বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ব্যক্তি গৰাকীৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই ৷ মৃত ব্যক্তি গৰাকীৰ মুখেৰে ফেন ওলাই থকাৰ ঘটনাই সমগ্ৰ ঘটনাটো অধিক ৰহস্যময় কৰি তুলিছে ৷ অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য ৷

আৰু পঢ়ক :মহানগৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত গুৱাহাটী কলেজৰ এজন ছাত্ৰ...

nagaon assam