নগাঁও আদালতৰ ঐতিহাসিক ৰায়: ড্ৰাগছ ব্যৱসায়ীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু...

: নগাঁও আদালতৰ ঐতিহাসিক ৰায় ৷ ড্ৰাগছৰ বিৰুদ্ধে আইনগত ভাৱে দিলে কঠোৰ ৰায় ৷ এজন ড্ৰাগছ সৰবৰাহকাৰীক দোষী সাব্যস্ত কৰি প্ৰদান কৰিলে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা ৷
নগাঁও আদালতৰ ঐতিহাসিক ৰায়: ড্ৰাগছ ব্যৱসায়ীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু...

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আদালতৰ ঐতিহাসিক ৰায় ৷ ড্ৰাগছৰ বিৰুদ্ধে আইনগত ভাৱে দিলে কঠোৰ ৰায় ৷ এজন ড্ৰাগছ সৰবৰাহকাৰীক দোষী সাব্যস্ত কৰি প্ৰদান কৰিলে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা ৷

নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত নং দুইৰ ন্যায়াধীশ নীল কমল দাসৰ আদালতে শনিবাৰে প্ৰদান কৰিছে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঐতিহাসিক ৰায় দানটি ৷ নগাঁও জিলাৰ ধিঙৰ হাবিল আলিক দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা বিহা হৈছে ৷

২০২০ চনৰ ৬ ডিচেম্বৰত হাবিল আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ হাবিলৰ জিম্মাৰ পৰা হেৰ’ইনৰ লগতে নিচায়ুক্ত ঔষধৰ লগতে দহ লাখ টকা উদ্ধাৰ কৰিছিল ৷ ধিঙ সোনাৰী গাঁৱৰ হাবিল আলিৰ বাসভৱনত অভিযান চলাই আৰক্ষীয়ে ধিঙ থানাত ৫০৫/২০২০ নম্বৰত গোচৰ ৰুজু কৰি পিছত আদালতলৈ গোচৰটো বিচাৰৰ বাবে প্ৰেৰন কৰে ৷

আদালতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলাই ড্ৰাগছৰ সৰবৰাহৰ সন্দৰ্ভত এন ডি পি এছ আইনৰ অধীনৰ ২০(চি), ২১(চি) আৰু ১৮(বি) ধাৰাত গোচৰ ৰুজু কৰে ৷ আদালতে বিচাৰ প্ৰক্ৰিয়া চলাই হাবিল আলিক দোষী হিচাপে প্ৰমান পোৱাৰ পিছত ন্যয়াধীশ নীল কমল দাসৰ আদালতে শণিবাৰে ৰায় প্ৰদান কৰে ৷

আৰু পঢ়ক: সাহিত্যিক পেঞ্চন প্ৰাপক ডা০ বিদ্যেশ্বৰ দলেক সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in