/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ca776bcb-518f-481d-831e-90f7bd4d5e4c/rararara.jpg)
nagaon
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান খ্ৰীষ্টজ্যোতি বিদ্যালয় (চি বি এছ ই ) ৰ শনিবাৰে দ্বিতীয় বাৰ্ষিক দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ শাস্ত্ৰীয় নৃত্য, ভোৰ তালৰ হৰি নাম ৰসেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰ্ষিক দিৱসত আৰম্ভ কৰা কাৰ্যসূচীৰে শীতৰ সেমেকা নিশা উপস্থিত লোকক আপ্লুত কৰে ৷
বাৰ্ষিক দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে অনুষ্ঠিত সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকা, কৃষিবিজ্ঞানী ৰুদ্ৰ নাৰায়ন বৰকটকীয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে ৷
সভাত চিষ্টাৰ ৰ’জলীনাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে ৷ কাৰ্যসূচী উদ্বোধন কৰি উপাচাৰ্য মৃদুল হাজৰিকাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে কয় যে প্ৰতিযোগিতাৰ পৃথিৱীত খাপ খুৱাই নিজক গঢ়ি তুলিব লাগিব ৷ প্ৰতিযোগিতাৰ মনোভাৱ লৈ অধ্যয়ন কৰিব পাৰিব লাগিব ৷ লক্ষ্য প্ৰাপ্তিৰ বাবে নিজক অধ্যয়নৰ মাজেৰে সাজু কৰি ৰাখিব লাগিব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dedbf21e-2be0-407a-9a82-c78362d53091/na6.jpg)
সভাত বিজ্ঞানী ৰুদ্ৰ নাৰায়ন বৰকটকীয়ে লক্ষ্য প্ৰাপ্তি , সফলতা আৰু শিক্ষাগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ অনুষ্ঠানটিত বিদ্যালয়ৰ পৰা দশমশ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাত সফলতা দেখুৱা আৰু ৰাজ্যৰ ভিতৰতে স্থান প্ৰাপক কাব্যশ্ৰী গায়নক সম্বৰ্ধনা জনোৱা হয় ৷ সভাখনিত ফাডাৰ ষ্টাৰলাই , ফাডাৰ জেমচ থাপা, ফাডাৰ এলেক্স এচেৰভাথম আদিয়ে বক্তব্য আগবঢ়ায় ৷
উল্লেখ্য এই যে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে বিদ্যালয়খনৰ কনমানি ছাত্ৰ-ছাত্ৰী সকলে ৷ ৰাজ্যৰ ভিন্ন জনগোষ্ঠীয় লোককৃষ্টি পৰিবেশনৰ লগতে দেশৰ ভিন্নজনগোষ্ঠীৰ লোকনৃত্য পৰিবেশন কৰাৰ লগতে গীত , মাত , কথাৰে ছাত্ৰ ছাত্ৰী সকলে অনুষ্ঠানটি জীপাল কৰি তোলে ৷