/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0b28f9a5-65b4-4e48-8605-72f92f93b8f7/545454545.jpg)
nagaon
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাট চাৰিআলিত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী ৷
ঘটনাৰ বিৱৰণী মতে, এ এছ-০১-ডি চি ১৭২৪ নম্বৰৰ এখন মাটি কঢ়িওৱা ডাম্পাৰৰ লগত এ এছ-০২-এ বি ৮০৮৮ নম্বৰৰ এখন স্কুটিৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
ৰাইদঙীয়াৰ দিশৰ পৰা আহি থকা স্কুটীখনক তীব্ৰ বেগী ডাম্পাৰখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ পাছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
আৰু পঢ়ক : চিৰাঙৰ চাপাগুৰী আৰু ৰৌমাৰীত চোৰাং কাঠ সৰবৰাহকাৰীসহ বাহন জব্দ...