নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউইচেলিংৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে দেওবাৰে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত “এইম” ৰ উদ্যোগত কেৰিয়াৰ কাউইচেলিংৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ,বেবেজীয়া: নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী সকলক এক নতুন পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে দেওবাৰে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনযোৰা এক সজাগতা প্ৰশিক্ষণ শিৱিৰ সম্পন্ন হৈ যায়। কেৰিয়াৰ কাউনচেলিঙৰ এই প্ৰশিক্ষণ শিৱিৰটো ভাৰতবৰ্ষৰ বহুকেইজন বিশিষ্ট কেৰিয়াৰ কাউনচেলে উপস্থিত ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত কাউনচেলিং কৰে ৷

Advertisment

গুৱাহাটীৰ প্ৰতিস্থিত “এইম” প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত কেৰিয়াৰ কাউইচেলিংৰ এই প্ৰশিক্ষণ শিৱিৰটো নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে এ.বি.বি. এছ বাংগালোৰৰ বিষয়া শংকৰ মুৰুলীধৰণ,ব্যক্তিগত খণ্ডৰ চিৎকাৰা বিশ্ববিদ্যালয়ৰ উপ প্ৰৱন্ধক অক্ষয় কুমাৰ,এমবিচন ইন মাইণ্ডৰ প্ৰতিষ্ঠাতা তথা উত্তৰ পূৱ ভাৰতৰ দায়িত্বৰত বিষয়া চেলিমা জুলফিকৰ লস্কৰ,ডাঃ কিৰণ জি ৰেড্ডী,শংকৰ দেৱদত্ত,অৰিন্দম মুদক,টিংকুমনি বৰা,ডাঃ ৰঞ্জিত সিংৰ লগতে অন্যান্য বহু কেইজনে কেৰিয়াৰ কাউইচেলিংৰ ওপৰত বিষদভাৱে বক্তব্য প্ৰদান কৰে ৷

আজিৰ এই কেৰিয়াৰ কাউইচেলিং প্ৰশিক্ষণ শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বহুকেইখন উচ্চ মানবিশিষ্ট ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ কাউনচেলিঙ সকলে অংশগ্ৰহণ কৰে ৷ দিনযোৰা অনুষ্ঠানটিৰ আতঁধৰে নগাঁৱৰ উদীয়মান যুৱতী বৰষা বৰাই ৷

আৰু পঢ়ক: যাদুকৰৰ অন্তিম যাদুৰ অপেক্ষাত বিশ্ব...

assam nagaon