উদীয়মান কবি প্ৰিয়ংকু শৰ্মাৰ "মিঠা কবিতাৰ স্পন্দন" কাব্যগ্ৰন্থ উন্মোচন...

নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
উদীয়মান কবি প্ৰিয়ংকু শৰ্মাৰ "মিঠা কবিতাৰ স্পন্দন" কাব্যগ্ৰন্থ উন্মোচন...

nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ উদীয়মান কবি প্ৰিয়ংকু শৰ্মাৰ "মিঠা কবিতাৰ স্পন্দন" নামৰ কাব্যগ্ৰন্থখন উক্ত সভাত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে ৷

Advertisment

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে নিজৰ চমু ভাষণত কয় - কবিতা লিখাটো বৰ সহজ নহয় ৷ কবিতা অন্তৰৰ অনুভূতি প্ৰকাশ কৰা এক মাধ্যম ৷ প্ৰসঙ্গ ক্ৰমে তেওঁ কয়- কবিতাত সামাজিক চেতনাবোধ থকাৰ প্ৰয়োজন ৷ উদীয়মান কবি প্ৰিয়ংক শৰ্মাৰ কবিতা প্ৰসঙ্গ উল্লেখ কৰি বৰকটকীয়ে কয় -তেওঁ কবিতাত মানবীয় মূল্যবোধৰ প্ৰতি থকা সচেতনতা প্ৰকাশ পাইছে। কবিতাৰ জৰিয়তে তেওঁ প্ৰকৃতিকো আকোঁৱালি লৈছে ৷

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে কবিতাত সুক্ষ্ম অনুভূতি থাকিব লাগিব। কবিয়ে মানুহৰ অনুভূতি উপলব্ধি কৰাৰ প্ৰয়োজন ৷ বিশিষ্ট কবি ডা° প্ৰয়াগ শইকীয়াই কয় - কবিতাই মানুহক মানুহৰ কাষ চপাই অনাৰ সুযোগ প্ৰদান কৰে ৷

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই কয় - কবিতা লিখাৰ বাবে অধ্যয়ন আৰু সাধনাৰ প্ৰয়োজন ৷ কবিতাত সম্ভাৱনাৰ স্বাক্ষৰ জিলিকি থাকিলে কবিতাই সাৰ্থক ৰূপ পায় ৷ প্ৰিয়ংকু শৰ্মাৰ কবিতাৰ কথা উল্লেখ কৰি বৰুৱাই কয় যে তেওঁ কবিতাত মানব সমাজৰ মুক্তিৰ আকাংক্ষা আৰু সুস্থ সংস্কৃতিৰ প্ৰতি থকা দৃঢ় স্বৰ শুনিবলৈ পোৱা যায় ৷

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভা খনত অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃনাল হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি থগিত মহন্ত, প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাৰ লগতে ভৱেশ মেধি, আবুল খায়েৰ আহমেদ, কনক হাজৰিকা, তপন কুমাৰ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ খুচিমনি শইকীয়াৰ বৰগীতেৰে সভাখন শুভাৰম্ভ কৰা হয় ৷

আৰু পঢ়ক : নেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ উৰিয়ামঘাটৰ সান্তনা বৰাক সম্বৰ্ধনা...

assam nagaon sahitya sabha