নেহৰুবালিত ১৫ ডিচেম্বৰৰ আৰম্ভ হ'ব নগাঁও গ্ৰন্থমেলা- ২০২২

নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া নগাঁও গ্ৰন্থমেলা-২০২২ৰ দেওবাৰে মূল খুঁটা স্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
নেহৰুবালিত  ১৫ ডিচেম্বৰৰ আৰম্ভ হ'ব নগাঁও গ্ৰন্থমেলা- ২০২২

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া নগাঁও গ্ৰন্থমেলা-২০২২ৰ দেওবাৰে মূল খুঁটা স্থাপন কৰে। এই খুটা স্থাপন কৰে নগাঁও গ্ৰন্থমেলাৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

Advertisment

১৯৯৬ চনৰ পৰা নগাঁৱৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক গোষ্ঠী 'কল্লোল'ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত প্ৰথম অৱস্থাত প্ৰতি বছৰে আৰু পাছলৈ দুবছৰৰ অন্তৰে অন্তৰে নেহৰুবালিত অনুষ্ঠিত হৈ আহিছে নগাঁও গ্ৰন্থমেলা। এই কথা দোহাৰি বিধায়ক গৰাকীয়ে কয় যে গ্ৰন্থমেলাই সাহিত্য অনুৰাগী আৰু কিতাপ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰে। গ্ৰন্থমেলাৰ জৰিয়তে সামাজিক-সাংস্কৃতিক গোষ্ঠী কল্লোলে নগাঁৱত গ্ৰন্থৰ সুবাস বিলোৱাৰ প্ৰচেষ্টা চলাই আহিছে ।

বিধায়ক শৰ্মাই নগাঁও গ্ৰন্থমেলাত ৰাইজৰ সহযোগ আৰু অংশগ্ৰহণ কামনা কৰে । আনহাতে নগাঁও গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি তথা জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মূল খুঁটা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰি নগাঁও গ্ৰন্থমেলাৰ জৰিয়তে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থৰ প্ৰতি অনুৰাগ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। নগাঁও গ্ৰন্থ মেলাৰ সাধাৰণ সম্পাদকদ্বয় নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত প্ৰাক্তন প্ৰশাসনিক বিষয়া চন্দ্ৰমোহন কাকতি, বিশিষ্ট সমাজকর্মী ৰঞ্জিত তামুলী ফুকন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু সাহিত্য অনুৰাগীয়ে অংশগ্ৰহণ কৰে ।

আনহাতে নগাঁও গ্ৰন্থমেলাত ৰাজ্যৰ লগতে বহিঃ ৰাজ্যৰ ভালেকেইটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি সভাপতি ৰূপক শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। নগাঁও গ্ৰন্থমেলাত লেখক,পঢ়ূৱৈ আৰু গ্ৰন্থৰ মাজত সমন্বয় গঢ়ি তোলাৰ প্ৰচেষ্টাৰে গ্ৰন্থ উন্মোচন, আলোচনা চক্ৰ, কবি সন্মিলন, কুইজ ,চিত্ৰাংকণ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

আৰু পঢ়ক: কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?

nagaon assam