বটদ্ৰৱাৰ কৌতুক অভিনেতা ভবেন কলিতাৰ অকাল বিয়োগ

নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী সু অভিনেতা ভবেন কলিতাৰ দেওবাৰে আকস্মিক বিয়োগ ঘটে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ কৌতুক অভিনেতা ভবেন কলিতাৰ অকাল বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী সু অভিনেতা ভবেন কলিতাৰ দেওবাৰে আকস্মিক বিয়োগ ঘটে। ৫২ বছৰীয়া কলিতা আজি পুৱা হঠাৎ শ্বাস প্ৰশ্বাস লোৱাতো অসুবিধা হোৱাৰ লগতে বুকুৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে।

নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত নিশা ভবেন কলিতাৰ মৃত্যু হয়। ভাওনা, নাটকৰ সু অভিনেতা ভবেন কলিতাই সুন্দৰকৈ কৌতুক অভিনয়ৰে অঞ্চলৰ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল।

বাপাই বুলি খ্যাত হাস্যমুখী, সৰবৰহী ব্যক্তিজনৰ আকস্মিক বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে। দুটি কনমানি কন্যা শিশুৰ পিতৃ কলিতাৰ পত্নীও মাত্ৰ পাঁচ মাহ পূৰ্বে মৃত্যু হৈছে আৰু দুৰ্ভাগ্যজনক ভাৱে নিজ খুৰাড়াকৰ মৃত্যু হোৱা মাত্ৰ ৯ দিন হৈছে।

আৰু পঢ়ক: কংগ্ৰেছ শংকিত! মহাৰাষ্ট্ৰৰ দৰে হ'ব নেকি হিমাচলত?

nagaon assam