কুজাৰবড়ি প্ৰকৃতি প্ৰেমীয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...

প্ৰকৃতিপ্ৰেমী ব্যক্তি ৰাজেন বৰাই বটদ্রৱা থানলৈ এটা দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ সযতনেৰে কঢ়িয়াই আনে

author-image
Asomiya Pratidin
New Update
কুজাৰবড়ি প্ৰকৃতি প্ৰেমীয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...

batadrava

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ কুজাৰবড়ি গাঁৱৰ প্ৰকৃতি প্ৰেমী ব্যক্তি ৰাজেন বৰাই বটদ্রৱা থানলৈ এটা দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ সযতনেৰে কঢ়িয়াই আনে। বৰাই কুজাৰবড়ি গাঁৱৰ পথাৰৰ পৰা উদ্ধাৰ কৰি উপযুক্ত সংৰক্ষণৰ চিন্তাৰে আহি বৃহস্পতিবাৰে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত আকাশী গংগাত মেলি দিয়ে এই কাছটো।

Advertisment

যি সময়ত একাংশ লোকে প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে সেই সময়তে প্ৰকৃতিপ্ৰেমী বৰাই বটদ্ৰৱা থানলৈ আহি কাছ সংৰক্ষণ কৰাৰ প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

আৰু পঢ়ক :অনুষ্ঠানৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী...

batadrava nagaon assam