
ডিজিটেল ডেস্ক : পশ্চিম বংগৰ শিলিগুৰিৰ দাগাপুৰৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত হাঠাৎ অসুস্থ হৈ পৰে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। বৃহস্পতিবাৰে ১২০৬ কোটি টকাৰ ৩ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে শিলিগুৰিত উপস্থিত হৈছিল গাডকাৰী।
কিন্তু আনুষ্ঠানৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীগৰাকী। তেওঁ সভা সমাপ্তৰ সময়ত শাৰীৰিক অসুস্থতাৰ কথা অৱগত কৰে কমিটীৰ সদস্য সকলক। আৰু লগে লগে ওচৰৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা চিকিৎসকৰ দল উস্থিত হৈ তেখেতক পৰীক্ষা কৰে। উল্লেখ্য যে ডায়বেটিছৰ পৰিমাণ কম হোৱাৰ বাবে অসুস্থ অনুভৱ কৰিছিল মন্ত্ৰীগৰাকীয়ে।
কিছু সময়ৰ পাছত স্বাস্থ্য কিছু পৰিমাণে সুস্থ হোৱাত তেওঁ দাগাপুৰৰ পৰা ৰাওনা হয়। উল্লেখ্য যে ২০১৮ চনতো মহাৰাষ্ট্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত তেখেত অসুস্থ হৈ পৰিছিল।