/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8848a792-9477-4a04-8704-4e39da27e528/download.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ভাড়াতীয়াৰ দাৰ ঘাপত গুৰুতৰভাবে আহত গৃহস্থ ৷ নগাঁৱৰ খুটিকটিয়াত ঘৰৰ ভিতৰত মূমুৰ্ষ অৱস্থাত উদ্ধাৰ মহিলা ৷
শেৱালী কলিতা নামৰ ঘৰৰ গৰাকীক আক্ৰমণ কৰে ভাড়াতীয়াই ।তিলক ডেকা নামৰ এজন লোকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ।কিছুদিন পূৰ্বে তিলক ডেকাই মহিলা গৰাকীৰ ঘৰৰ পৰা চুৰি কৰিছিল চাইকেল।মহিলা গৰাকীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল নলবাৰীৰ তিলক ডেকা নামৰ ব্যক্তিজন ৷
ঘৰত আন কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীৰ মূৰ আৰু হাতত দাৰে ঘপিয়াই ঘৰৰ ভিতৰত মূমুৰ্ষ অৱস্থাত পেলাই থৈ বাহিৰৰ পৰা তলা মাৰি পলায়ন কৰে ভাড়াতীয়া তিলক ডেকাই ৷পিছত লংকাত থকা পুত্ৰই ফোন কৰি মাতৃৰ কোনো খবৰ নেপোৱাত প্ৰতিৱেশীক মাতৃৰ খবৰ ল’বলৈ ঘৰলৈ পঠিয়ায় ৷
তেতিয়াই প্ৰতিৱেশীয়ে খিৰিকীৰে তেজেৰে লুটুৰি-পুতুৰি হৈ ঘৰৰ ভিতৰৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে ৷ আহত মহিলা গৰাকীক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। বৰ্তমান পলাতক হৈ আছে মহিলা গৰাকীক হত্যাৰ চেষ্টা চলোৱা ভাড়াতীয়া তিলক ডেকা ।
আৰু পঢ়ক: মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?