মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?

দেশৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ আত্মজীৱনী জাষ্টিছ ফৰ জজ নামৰ কিতাপ খনলৈ এক অভিযোগ আনিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই।
মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?

দেশৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ আত্মজীৱনী জাষ্টিছ ফৰ জজ নামৰ কিতাপ খনলৈ এক অভিযোগ আনিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। ইয়াক লৈয়ে শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। আজিৰ 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ 'মোৰ মত' শিতানত তেওঁৰ এই প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰা হ'ল-

তৈলমৰ্দনেই এতিয়া গগৈৰ শেষ অস্ত্ৰ

পোন প্ৰথমে মোৰ ব্যক্তিগত ধাৰণাৰ পৰা জনাও যে বিচাৰক সকলো মানুহ। সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি আইনীভাৱে বিষয়সমূহৰ সমাধানৰ বাবে বিভিন্ন ৰায় প্ৰদান কৰি বিচাৰকসকলে গণতান্ত্রিক ব্যৱস্থাটোক আগবঢ়াই নিয়ে। এই কথাফাঁকি এই কাৰণেই ক'বলগীয়া হ'ল যে বিচাৰক বা ন্যায়াধীশ বা দেশৰ মুখ্য ন্যায়াধীশ এগৰাকী ভগৱান নহয়। তেওঁ মানুহ। গতিকে পদত আসীন হৈ থাকোতে তেওঁ ক'ত কি কৰিলে বা ক'ত বিপথে গৈ ভুল ৰায় দিলে সেইবোৰ অৱসৰ লোৱাৰ দিনাই শেষ কৰি অহা ভাল। তাকেই নকৰি কিতাপ লিখি নিজে কৰি অহা ভুলৰ আত্মপক্ষ সমর্থনৰ বাবে ব্যক্তি বিশেষৰ নাম লিখি নিজে কৰি অহা ঐতিহাসিক ভুলৰ বাবে এজন সাধাৰণ নাগৰিকৰ গাত দোষ ঢাকি দিয়াটো মুঠেও সমর্থনযোগ্য নহয়। লগতে এজন সাধাৰণ নাগৰিকৰ বাবে ই অপমানজনকো।

পাতনিটো দীঘলীয়াকৈ লিখিবলগীয়া হোৱাৰ কাৰণ হ'ল এখন বিশেষ কিতাপ। প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন "JUSTICE FOR THE JUDGES" নামৰ কিতাপখন। কিতাপখনত তেওঁ উল্লেখ কৰিছে তদানীন্তন ৰাজ্যিক সমন্বয়ক (NRC) প্রতীক হাজেলাক কিয় মধ্যপ্ৰদেশলৈ পঠাবলগীয়া হৈছিল তাৰ কাৰণ। NRC- ৰ নামত শ শ কোটি টকাৰ দুর্নীতি কৰা প্ৰতীক হাজেলাক নিৰাপত্তা দিবলৈ গৈ ভাৰতীয় সংবিধানৰ ১৪২ নং ধাৰাৰ অধীনত বিশেষ ক্ষমতা ব্যৱহাৰ কৰি মধ্যপ্ৰদেশলৈ বদলি কৰা হৈছিল প্ৰতীক হাজেলাক। NRCৰ ধনৰ ব্যাপক অপব্যৱহাৰ, ৰঞ্জন গগৈ ডাঙৰীয়াৰ আদালতৰ বহু নির্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই প্ৰকাশ কৰা NRC ৰ পৰিপূৰক তালিকাৰ বিৰুদ্ধে বিভিন্নজনে কৰা সমালোচনা আৰু সঠিক তদন্তৰ ব্যৱস্থা নকৰি ভাৰতীয় সংবিধানৰ ১৪২ নং ধাৰাৰ অপব্যৱহাৰ কৰি প্ৰতীক হাজেলাক অসমৰ পৰা অতি সন্তর্পণে নি মধ্যপ্রদেশত সংস্থাপিত কৰাৰ কাৰণ হিচাপে গগৈ মহাশয়ে কিতাপ খনত এনেদৰে উল্লেখ কৰি গৈছে-

এতিয়া কথাটো হ'ল আমি সময়লৈ অপেক্ষা কৰি আছিলো। শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হোৱা CAG-ৰ প্ৰতিবেদনত NRC-ৰ নামত ২৬০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি স্পষ্ট কৰা হৈছে। ইয়াৰে ১৫৫.৮৩ কোটি টকাৰ কেলেংকাৰি হৈছে ২০১৭ চনতেই আমি তথ্য সহকাৰে দাঙি ধৰা Data Entry Opera- tor-ৰ দৰমহাৰ নামত।

“JUSTICE FOR THE JUDGES” নাম দি লিখা কিতাপখনত সেই কথা উল্লেখ নহ'ল। উল্লেখ নহ'ল প্ৰতীক হাজেলাৰ শ্ৰুতলিপি গুনি, আমাৰ বিৰুদ্ধে অনা আদালত অবমাননাৰ গোচৰ নং SUO MOTO CONPEMPT (C) 13/2017 সম্পর্কে। এন আৰ চিৰ দুর্নীতি সম্পৰ্কত এটা শব্দও উল্লেখ নকৰা উক্ত কিতাপখনক আমি নামাকৰণ কৰিব বিচাৰো “INJUSTICE FOR THE CIVIL- IANS” বুলি। এখন শুদ্ধ আৰু নিখুঁত এন আৰ চি প্ৰস্তুতৰ বাবে সকলো সুযোগ পোৱাৰ পাছতো এখন পংগু জন আৰ চি প্রস্তুতত সাৰ পানী যোগোৱাত কাৰ কাৰ হাত আছিল সেয়া নক'লেও অসমৰ ৰাইজে বুজি পাইছে।

CAG- At the local level, personal attacks on the SCNR and veiled attacks on the judges, particularly me, by local politicians and specifically by Abhijit Sharma, the president of Assam Public Works (petitioner in W.P(C) No.274 of 2009) left us (the Bench) convinced that orders should be passed to protect Hajela from undue harassment and calculated harm. The Bench passed the order dated 18 October 2019 for his deputation on inter-cadre transfer to Madhya Pradesh, his home state. Subsequent events like filing of FIRS against Hajela and other NRC officials; allegations of corruption and threats to order CBI probes besides enormous misinformation to the media and wide publicity thereof leave me convinced that the Bench was thoroughly justified in passing the rather unusual order for the inter- cadre transfer of Hajela by invoking Article 142 of the Constitution.

প্ৰতিবেদনত উল্লেখ থকা ১৫৫.৮৩ কোটিৰ দুৰ্নীতিৰ তদন্তৰ বাবে গগৈ মহাশয়ে এটা শব্দও উচ্চাৰণ কৰা আমি শুনা নাই। অথচ গৃহ আৰু ৰাজনৈতিক সচিব পর্যায়ৰ এজন বিষয়া প্রতীক হাজেলা অসমৰ পৰা আঁতৰাই মধ্যপ্ৰদেশলৈ পঠাবলগীয়া হোৱাৰ কাৰণ হিচাপে "আভিজিৎ শর্মা" নামৰ এজন নাগৰিকক জগৰীয়া কৰি কিতাপত লিখি তেওঁ ন্যায়িক ব্যৱস্থাটোক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে। যিটো অতি লজ্জাজনক তথা গৰিহণাযোগ্য ও আত্মসন্মান হানিকৰ। CAG-ৰ প্রতিবেদনে নির্দিষ্ট কৰে যে আমাৰ অভিযোগ অমূলক নাছিল বিপৰীতে ২০০ শতাংশ শুদ্ধ আছিল ।

এতিয়া তেওঁ কওঁক এয়া JUSTICE INJUSTICE ? পদবীৰ প্রতি লোভ, চৰকাৰী আতিথ্যৰ প্রতি চৰম দুৰ্বলতা পৰিহাৰ কৰিব নোৱাৰি দৌৰা দৌৰিকৈ কিতাপ এখন লিখি এজন সাধাৰণ নাগৰিকৰ নামত কলংক জাপি দি তেওঁ নিজকে কি বুলি প্ৰতিপন্ন কৰিব বিচাৰিলে সেয়া বোধগম্য নহ'ল যদিও CAG-ৰ প্রতিবেদনে জোকৰ মুখত যে চূণ সানি দিলে সেয়া ইতিহাসে মনত ৰাখিব।

গগৈ ডাঙৰীয়াক আমি জনাই থ'ব বিচাৰিছে৷ ভাৰতৰ ৰাজ্যসভাৰ এগৰাকী সাংসদ আছে যিয়ে শপত লৈয়ে কৈছিল তেওঁ হেনো চৰকাৰৰ পৰা কোনো দা-দৰমহা গ্রহণ নকৰে। অথচ গোপনে দুই বছৰ দা-দৰমহা লৈ নোদোকা জীৱন যাপন কৰি তথা ৰাইজে পাহৰা বুলি ভাবি থাকোতে আজি কিছুদিন আগতে ৰাজ্যসভাত এই সংক্ৰান্তত এক প্রশ্ন কৰাত ততাতৈয়াকৈয়ে সাংসদজনে আইনৰ ছাত্ৰ-ছাত্ৰীৰ নামত সমূদায় ধন দান কৰে। সাংসদজন কোন গগৈ ডাঙৰীয়াই অলপ নিজেই নিজকে প্রশ্ন কৰি চাব বুলি আশা কৰিলো।

CAGৰ প্রতিবেদনত উল্লেখ কৰা ২৬০ কোটিৰ হিচাপবিহীন ব্যৱহাৰ সম্পৰ্কত অসম বিধানসভাত উক্ত প্রতিবেদন গৃহীত হোৱাৰ পাছত সৌ সিদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি যিধৰণে তৈলমর্দনত লিপ্ত হ'ল তাতেই নাম পোৱা যায় তেওঁৰ দায়বদ্ধতাৰ কথা। নিখুঁত এন আৰ চি প্ৰস্তুতৰ বাবে তেওঁৰ ত্যাগৰ কথা। আগন্তুক দিনত যাতে কোনো সমস্যাৰ সম্মুখীন নহয় তাৰ বাবে তৈলমর্দনৰ এই কৌশল ব্যৱহাৰ কৰা বুলি বুজাই বুজি পাইছে। প্রতীক হাজেলাৰ দৰে এজন ব্যক্তিৰ কোটি কোটিৰ দুৰ্নীতিৰ বিৰুদ্ধে অৱগত হৈও বা অভিযোগ হোৱাৰ পাছতো হাতত সমস্ত ক্ষমতা থকাৰ পাছতো তেনে এজন বিষয়াক সুৰক্ষা দিবলৈ যোৱা এই মানুহৰ পৰা অনাগত দিনত অসমে পাবলৈ আৰু একো নাই।

অন্য ন্যায়াধীশৰ দৰে অৱসৰকালীন জীৱন-যাপন নকৰি চৰকাৰী বিষয়াবাবৰ পাছত দৌৰি থকা মানুহজনলৈ আমাৰ দাবী — JUSTICE FOR THE JUDGE নামৰ কিতাপখনৰ ১৭৩ পৃষ্ঠাত উল্লেখ কৰা অভিজিত শৰ্মা নামৰ 275/09 গোচৰৰ গোচৰকাৰীৰ ওচৰত অহা ৩২ দিনৰ ভিতৰত নিচৰ্ত ক্ষমা-প্ৰাৰ্থনা খোজক অন্যথা ব্যক্তিগত আক্ৰোশত কিতাপ লিখি মানহানি কৰাৰ বাবে ভৱিষ্যতে পাবলগীয়া আইনী শিক্ষাৰ বাবে সাজু থাকক। শেষত গগৈ ডাঙৰীয়াক আকৌ কওঁ- I am Abhijit, I am not a terrorist .

আৰু পঢ়ক: ২৪'ত আকৌ নৰেন্দ্ৰ মোডীয়েই হ'ব দেশৰ প্ৰধানমন্ত্ৰী:পীয়ুষ হাজৰীকা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in