উন্নয়নৰ নমুনা! এটুপি খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ...

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল শ্লোগানৰ জৰিয়তে দেশজুৰি প্ৰতিটো ঘৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কোটি কোটি টকা আৱণ্টন দি জল জীৱন মিচন আঁচনিৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।
উন্নয়নৰ নমুনা! এটুপি খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল শ্লোগানৰ জৰিয়তে দেশজুৰি প্ৰতিটো ঘৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কোটি কোটি টকা আৱণ্টন দি জল জীৱন মিচন আঁচনিৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। কিন্তু এইখন অসমত আজিও এনে এখন গাঁৱ আছে য’ত গাঁৱবাসীয়ে পাহাৰৰ পৰা নিগৰি অহা ঝৰ্ণাৰ পানী মাটিত গাত খান্দি খোৱাৰ বাবে সংগ্ৰহ কৰিবলগীয়া হৈছে।

অথচ এই গাঁৱখনত আজিলৈ জনস্বাস্থ্য কাৰিকৰি বিভাগে চৰকাৰৰ এই অভিলাখী আঁচনিৰ প্ৰকল্প নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই গাঁওখন হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰামভোলা পাৰা হাজং গাঁও ।

গাঁওখনত প্ৰায় ৭০ টা হাজং পৰিয়াল বসবাস কৰে। যুগ যুগ ধৰি গাঁওখনত বসবাস কৰা হাজং পৰিয়াল কেইটা মেঘালয়ৰ গাৰো পাহাৰৰ ঝৰ্ণাৰ পৰা নিগৰি অহা পানী দৈনিন্দন কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ লগতে মাটিত গাত খান্দি খোৱা পানী সংগ্ৰহ কৰে। প্ৰতিদিনে গাওঁখনৰ দুটা নলাৰ কাষত পুৱা ৫ বজাৰ পৰা নিশা ৮ বজালৈ পানীৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।

খোৱা পানীৰ উপৰিও কাপোৰ ধোৱা, ৰন্ধা-বৰা, গা-ধোৱাৰ লগতে যিকোনো কামত প্ৰয়োজনীয় পানী এই নলা দুটাৰ পৰাই হাজং পৰিয়াল কেইটা সংগ্ৰহ কৰিবলগীয়া হয়। গাৰো পাহাৰৰ কাষতে থকা গাওঁ দুখনত লাখ লাখ টকা খৰচ কৰিলেও দমকল বহুৱাব নোৱাৰি। ফলত এইদৰে মাটিত গাত খান্দি গাতৰ পৰাই পানী সংগ্ৰহ কৰে পৰিয়াল কেইটা।

ৰামভোলা পাৰা হাজং গাঁৱখনৰ বাসিন্ধা শ্যমলী হাজং আৰু দিক্সা হাজঙে এক আচুতীয়া সাক্ষাৎকাৰত কয় যে, তেওঁলোক দুজন অন্য গাওঁৰ পৰা ২০ বছৰ পূৰ্বে বিয়া হৈ এই গাওঁখনত অহাৰ পাছৰে পৰা পানীৰ হাহাকাৰত ভূগি আছে। মাটিৰ গাতৰ পৰা অস্বাস্থ্যকৰ পানী সংগ্ৰহ কৰি তেওঁলোক খোৱা কামত ব্যৱহাৰ কৰে। ফলত এনে পানী পান কৰি তেওঁলোক সঘনে পেটৰ বেমাৰত আক্ৰান্ত হোৱাৰ লগতে ছালৰ বেমাৰত পৰিছে।

কেৱল এই মহিলা দুগৰাকীয়েই নহয়, গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ সদস্য সকল বিভিন্ন বেমাৰত আক্ৰান্ত হ'বলৈ ধৰিছে। চিকিৎসকৰ ওচৰত গ'লে বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু গাঁওখনত বিশুদ্ধ খোৱা পানীৰ বাবে নাই কোনো উৎস। এনে পৰিস্থিতিত উপায়ন্তৰ হৈ তেওঁলোক এনে অস্বাস্থ্যকৰ পানী পান কৰি অহা পৰিলক্ষিত হৈছে।

লক্ষণীয় বিষয় এয়া যে, মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী প্ৰায় ৮-১০ খন গাওঁত বসবাস কৰা লোকৰ ক্ষেত্ৰতো একেই পৰিস্থিতি। জিলাখনত বৰ্তমানে হাটশিঙিমাৰী জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অধীনত শতাধিক জল জীৱন মিচন আচনিৰ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে। ইতিমধ্যে কেবাটাও প্ৰকল্প নিৰ্মাণ প্ৰায় সম্পন্ন হৈছে। অথচ অতিকৈ দৰকাৰী তথা প্ৰয়োজনীয় এই ৰামভোলাপাৰা হাজং গাঁওখনত আজিলৈ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ ফালৰ পৰা কিয় জল জীৱন মিচন আচনিৰ প্ৰকল্প নিৰ্মাণ নকৰিলে।

দিক্সা হাজং কৰা অভিযোগ মতে, গাঁওবাসীয়ে তেওঁলোক ইতিমধ্যে জিলা উপায়ুক্ত, জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগক বিষয়টো অৱগত কৰিছে। আনেকি অসমৰ আগশাৰীৰ সংবাদ মাধ্যমত পানীৰ হাহাকাৰক লৈ কেবাটাও প্ৰতিবেদন সম্প্ৰচাৰ হৈছে। অথচ জিলা প্ৰশাসন তথা জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগে গাওঁখনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।

নিৰ্বাচন আহিলে গাঁওখনত জনপ্ৰতিনিধিয়ে ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰে। জয়ী হ'লে পানীৰ সমস্যা দুৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু নিৰ্বাচনত জয়ী হ'লে গাওঁখনৰ কথা জনপ্ৰতিনিধি সকলে পাহৰি পেলায় বুলিও একাংশ হাজং মহিলাই অভিযোগ তুলিছে।

ইফালে গাওঁবাসীয়ে এনে অস্বাস্থ্যকৰ পানী পান কৰি লাহে লাহে জটিল বেমাৰত আক্ৰান্ত হ'বলৈ ধৰিছে। এনে পৰিস্থিতিৰ পাছতো কিয় গাওঁখনত এতিয়ালৈ জল জীৱন মিচন আচনিৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা নহ'ল তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। গাঁওবাসীয়ে মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মাৰ ওচৰত কাতোৰ অনুৰোধ জনাই কয় যে আমাক জীয়াই থকাৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাজং গাঁওখনৰ হাজং পৰিয়ালৰ এই অনুৰোধৰ প্ৰতি অনাগত দিনত কিদৰে সহাৰি দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

আৰু পঢ়ক: কিহৰ কাৰণে স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীক কৰিলে ১২ টুকুৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in