ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…

ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…

author-image
asomiyapratidin
New Update
ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…

ডিজিটেল সংবাদ, নগাঁও: পুৰণিগুদামৰ বিষয়াচুকত শিলঘাট অভিমুখী ৰে'লৰ ইঞ্জিনে মহতিয়াই নিয়া টাটা জেষ্ট গাড়ী খনত আছিল পিতৃ, মাতৃ সন্তান সহ এটা পৰিয়াল। প্ৰচণ্ড খুন্দাত গাড়ীখন কেইবাডোখৰ হৈ চিটিকি পৰাই নহয় গাড়ীৰ ভিতৰত যাত্ৰী আৰু চালকৰ আসনত থকা চন্দ্ৰ কলিতা (জোনটি), নীলিমা কলিতা আৰু পুত্ৰ নিলাভ নয়নো গাড়ীৰ ভিতৰৰ পৰা পিটনিত চিটিকি পৰি মুহুৰ্ততে তেওঁলোকৰ .মৃত্যু হয়।

উল্লেখ্য় যে, চন্দ্ৰ কলিতা আৰু নিলীমি কলিতাৰ একমাত্ৰ সন্তান নীলাভ নয়ন কলিতাই পিতৃ-মাতৃক লৈ গেট বিহীন ৰে'ল ক্ৰচিং পাৰ হোৱাৰ সময়তে বিষয়াচুৰত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। এওঁলোকৰ ঘৰ আছিল পুৰণিগুদাম তেলীয়া গাঁৱত।

উল্লেখ্য যে, সেই স্থানত ৰে'ল গেট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে'ল কৰ্তৃপক্ষই ৰেলৱে ক্ৰচিঙটোত গাঁত খান্দি এইটোৰে আহ-যাহ বন্ধহে কৰি দিছিল। কিন্তু লাহে লাহে পুনৰ সেই গাঁত সমান হৈ পৰাত উক্ত পথেৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ আছিল- A02 N4402। অঞ্চলটোত জনপ্ৰিয় চন্দ্ৰ কলিতাৰ গোটেই পৰিয়ালটোৰ এই ঘটনাই সমগ্ৰ নগাঁৱতেই শোকৰ ছা পেলাইছে।

আৰু পঢ়ক: ৩ দিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস, প্ৰতিঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান….

nagaon dead assam road accident