নগাঁৱৰ সৰবৰহী মহিলা ১০৫ বছৰীয়া জোনাই বৰাৰ মৃত্যু...

নগাঁৱৰ মাজপোতনি গাঁৱৰ নিবাসী সৰবৰহী মহিলা জোনাই বৰাৰ শুকুৰবাৰে বিয়লি ৩.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। গাঁৱৰ ভিতৰতে বয়োজ্যেষ্ঠা ১০৫ বছৰীয়া মহিলাগৰাকীৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ সৰবৰহী মহিলা ১০৫ বছৰীয়া জোনাই বৰাৰ মৃত্যু...

nagaon

ডিজিটেল ডেস্ক :নগাঁৱৰ মাজপোতনি গাঁৱৰ নিবাসী সৰবৰহী মহিলা জোনাই বৰাৰ শুকুৰবাৰে বিয়লি ৩.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। গাঁৱৰ ভিতৰতে বয়োজ্যেষ্ঠা ১০৫ বছৰীয়া মহিলাগৰাকীৰ স্বামীৰ লগতে বৰপুত্ৰ অজিত বৰাৰ ইতিপূৰ্বে মৃত্যু হৈছে।

সন্ধিয়া স্থানীয় ৰাইজে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰে জেনাই বৰাৰ। মুখাগ্নি কৰে সৰু পুত্ৰ তথা বন বিভাগৰ কনিষ্ঠ বিষয়া মহেন্দ্ৰ বৰাই। দুগৰাকী বোৱাৰী, কেইবাটাও নাতি-নাতিনীক এৰি থৈ যোৱা জোনাই বৰাৰ মৃত্যুৱে গাঁওখনৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

আৰু পঢ়ক :নগাঁৱৰ শিমলুগুৰিত অগ্নিকাণ্ড...

nagaon majputoni assam