/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/45185bea-047f-4ef8-91e6-ec6c5974842d/fdfdsdf.jpg)
ডিজিটেল সংবাদ ,বেকাজানঃ তিতাবৰ সীমান্ত বেকাজানত বৃহস্পতিবাৰে সন্ধিয়া নগাই হাতত মাৰণাস্ত্ৰ লৈ অসমীয়া লোকৰ পোহনীয়া কুকুৰ গুলীয়াই মৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জানিব পৰা মতে বেকাজানৰ বাষষ্ঠি ঘৰীয়া গাঁৱত কালি সন্ধিয়া ৫:৩০ বজাত চাংপাঙ বস্তিৰ পৰা অহা নগা দুবৃত্তই হাতত লৈ আহি সাংবাদিক মণ্টুচ্ কোঁৱৰৰ পোহনীয়া কুকুৰটো ঘৰৰ সীমপতে গুলীয়াই হত্যা কৰে ।
কোঁৱৰৰ ঘৰৰ কাষতে সন্ধিয়া গুলীৰ প্ৰচণ্ড শব্দ শুনি পাই পৰিয়ালৰ লোকে ওলাই গৈ পথাৰ তেজেৰে লুতুৰি পুতুৰি হৈ গুলিবিদ্ধ পোহনীয়া কুকুৰটো পৰি থকা দেখা পায়। নগাই এনেদৰে অসমীয়া লোকৰ ঘৰৰ নিচেই কাষতে বন্দুক লৈ হত্যা কৰাত বেকাজান আৰক্ষীক খবৰ দিয়ে । লগে লগে বেকাজান আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ নগা বন্দুকধাৰী দুৰ্বৃত্ত সন্ধান কৰে যদিও নগালোকজনে পলায়ন কৰে। বেকাজান আৰক্ষীয়ে নাগালেণ্ডৰ চাংপাঙ আৰক্ষীক খবৰ দিয়া নিশা ৮:৩০ বজাত নগা আৰক্ষীৰ এটা দল ঘটনাস্থলী উপস্থিত হৈ কুকুৰটোত গুলীওৱা ঠাইত চৰজমিন তদন্ত কৰে।
নগা আৰক্ষীয়ে সাংবাদিক মণ্টুচ্ কোঁৱৰক এই গুলী চালনা কৰা সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি আশ্বাস দিছে। ইফালে নগাই অসমৰ মাটিত মাৰণাস্ত্ৰ লৈ পোহনীয়া জন্তু হত্যা কৰা ঘটনাই সীমান্তবাসী ৰাইজক নিৰাপত্তাহীনতা ভোগাইছে।
উল্লেখযোগ্য যে আজি কিছুদিনৰ পৰা নগাই হাতত মাৰণাস্ত্ৰ লৈ অসমৰ মাটিত প্ৰায়ে মুক্তভাৱে ঘূৰা ফুৰা কৰি আহিছে যদিও অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা গুৰুত্ব অভিযোগ উঠিছে। ৰাইজে নগাই হাতত বন্দুক লৈ এনেকৈ অসমৰ মাটিত কেনেকৈ মুক্তভাৱে ঘূৰি পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে।
পৰিতাপৰ বিষয় যে অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ সীমাৰ সমস্যাৰ সমাধানত ক্ষেত্ৰত বুজাবুজিত উপনিত ঘোষণা কৰিলেও কালি তিতাবৰ সমষ্টিৰ বেকাজানত নগাই অসমীয়া লোকক পোহনীয়া জন্তু হত্যা কৰা ঘটনাই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । উল্লেখযোগ্য যে নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ চাংপাং গাঁৱৰ ভিলেজ কাউন্সিলে যোৱা ২৪ এপ্ৰিলত চেয়াৰমেন জামবেম্বো য়ানথান আৰু চেক্ৰেটৰী ৰিভোঙথান কিথানৰ স্বাক্ষৰিত এক ভাবুকি ভৰা নিৰ্দেশ পত্ৰ বেকাজান আৰক্ষী চকী , বেকাজান পঞ্চায়ত , গড়াজান গাঁৱ ,বালিজান আৰু বাষষ্ঠি ঘৰীয়া গাঁৱলৈ প্ৰেৰণ কৰিছিল ।
ভাবুকি পত্ৰখনত নগাই উল্লেখ কৰিছে যে নাগালেণ্ডৰ চাংপাং বস্তিৰ এলেকাত যদি উল্লেখিত অসমীয়া গাঁৱৰ গৰু, ছাগলী আৰু মহ প্ৰবেশ কৰি শস্য বা গছ গছনি নষ্ট কৰে তেতিয়া দোষী সাব্যস্ত হ'ব লাগিব ।
তদুপৰি যদি অসমৰ কোনো লোক প্ৰৱেশ কৰি নাগালেণ্ডৰ পৰা খৰি সংগ্ৰহ তথা গছ বন কাটি থকা হাতে লোটে ধৰা পৰে তেতিয়া ১০হাজাৰ টকা জৰিমনা ভৰিব লাগিব। আৰু প্ৰয়োজন বোধ কৰি চাংপাং ভিলেজ কাউন্সিলে যিকোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি সকীয়নি দিছিল । অথচ নগালেণ্ডৰ লোকে এনেদৰে অসমৰ গাঁৱৰ ভিতৰলৈ আহি পোহনীয়া জন্তু গুলীয়াই মৰা ঘটনাই পুনৰ সীমান্তবাসী ৰাইজক নিৰাপত্তাহীনতাত ভোগাইছে।
স্মৰ্তব্য যে চুবুৰীয়া নগাসকলে এদেও দুদেও লোটা নিয়া চেওৰ আচিলাৰে সম্প্ৰতি তিতাবৰ মহকুমাৰ সীমান্তত পানীখেতিৰ পৰা বান্দৰচলিয়ালৈ অতি কমেও পাঁচ ছয়খন ক্ষুদ্ৰ নগা গাঁৱ গঢ়ি তুলিছে । সম্প্ৰতি বিবদমান এলেকাত নগাই বস্তি স্থাপন কৰি অসমীয়া লোকৰ অসমৰ কুকুৰ, গৰু -ছাগলী গুলীয়াই হত্যাই পুনৰ উত্তেজনা সৃষ্টি কৰা সম্ভৱনা আছে । যোৰহাট জিলা প্ৰশাসনক সীমান্তত নগালোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ আহবান জনাইছে।
Also Read: চুৰিৰ অভিযোগ নৃশংভাৱে প্ৰহাৰ অটোচালকক, একাংশই জ্বলাই দিলে বাহন
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us