ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ বিৰুদ্ধে মহাপৰিৱৰ্তনৰ যাত্ৰা জি.এছ.পিৰ...

কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰে গণ সুৰক্ষা দলৰ নেতা তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ বিৰুদ্ধে মহাপৰিৱৰ্তনৰ যাত্ৰা জি.এছ.পিৰ...

GSP

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰে গণ সুৰক্ষা দলৰ নেতা তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ অসমৰ চাৰিটা লোকসভা সমষ্টিত জি.এছ.পিৰ নিজাববীয়া প্ৰাৰ্থীত্ব দিয়াৰ পৰিকল্পনা কৰিছে সাংসদ গৰাকীয়ে ৷

Advertisment

কোকৰাঝাৰ, ধুবুৰী, ডিফু আৰু মঙলদৈ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে জিএচপিয়ে। কোকৰাঝাৰ লোকসভা সমষ্টিত ৰাইজে বিচাৰিলে পুনৰ নিৰ্বাচন খেলিবলৈ সাজু বুলিও মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ জি.পি.এছৰ সৈতে বিটিআৰত ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা আছে ৷ কিন্তু বিধায়ক আৰু সাংসদ নিৰ্বাচনত জি.এছ.পিৰ কাৰোৰে সৈতে মিত্ৰতা নাই বুলি স্পষ্ট কৰিলে নৱ কুমাৰ শৰণীয়াই ৷

ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটতো জি.এছ.পিয়ে গ্ৰহণ কৰিছে বিজেপিৰ বিৰুদ্ধে মহাপৰিবৰ্তনৰ যাত্ৰা। দেশৰ ১৪৫ টা সৰু-সৰু আঞ্চলিক দলক লৈ ইণ্ডিয়ান ৰিজনেল পাৰ্টি ফ্ৰন্ট অৰ্থাৎ আই আৰ পি এফ নামাকৰণেৰে মহাজোঁট গঠন কৰাৰ ঘোষণা কৰে সাংসদগৰাকীয়ে।

অনাগত দিনত দিল্লী, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ দৰে আন ৰাজ্যতো আই আৰ পি এফৰ সমিতি গঠনৰ ৰণনীতি সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নাগপুৰৰ আৰ্শীবাদ লোৱা প্ৰশংগতো প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

আৰু পঢ়ক : এক অভাৰত ৭ টা ছয় কোবাই নতুন অভিলেখ মহাৰাষ্ট্ৰৰ অ'পেনাৰ ৰুতুৰাজৰ...

assam kokrajhar naba kumar saraniya